সীমান্ত চেতনা মঞ্চৰ চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন

সমাজৰ বিভিন্ন স্তৰত প্ৰচলিত পৰম্পৰাগত ৰীতি-নীতিসমূহৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ উদ্দেশ্যে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে

author-image
Asomiya Pratidin
New Update
সীমান্ত চেতনা মঞ্চৰ চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন

সীমান্ত চেতনা মঞ্চৰ চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন

ডিজিটেল সংবাদ, গুৱাহাটী : সমাজৰ বিভিন্ন স্তৰত প্ৰচলিত পৰম্পৰাগত ৰীতি-নীতিসমূহৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ উদ্দেশ্যে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে ৷ শুকুৰবাৰে গুৱাহাটীৰ পাণবজাৰত থকা কেশৱ ধামত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সভাপতি ড॰ বিনীতা ভাগৱতীয়ে৷ 

Advertisment

এই মহোৎসৱ অহা ১৯, ২০ আৰু ২১ ছেপ্টেম্বৰ, ২০২৫ত অনুষ্ঠিত হ’ব ৷ মহোৎসৱৰ সঞ্চালক মনিতা বৰগোহাঁই, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ বৰা, মুখ্য সমন্বয়ক দিব্যজ্যোতি দাস, অপৰাজিতা পূজাৰী, নয়ন নিৰ্বাণ বৰুৱাই অংশগ্ৰহণ কৰা এই সংবাদমেলতে ‘আত্মা’ শীৰ্ষক চলচ্চিত্ৰ মহোৎসৱৰ পোষ্টাৰ আৰু ল’গ’ মুকলি কৰা হয়৷ 

এই মহোৎসৱত শ্ৰেষ্ঠ হোৱা ছবিখনক এক লাখ টকা, দ্বিতীয় শ্ৰেষ্ঠ ছবিখনক ৭৫ হেজাৰ টকা, তৃতীয় শ্ৰেষ্ঠ ছবিখনক ৫০ হেজাৰ টকা আৰু শ্ৰেষ্ঠ পৰিচালকক ২৫ হেজাৰ টকা পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷ ইয়াৰ উপৰিও জুৰিৰ  বিশেষ পুৰস্কাৰ থাকিব ৷ 

এই চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিব বিচৰাসকলে আগতীয়াকৈ ৯৪০১১ ০৭৮৪৪ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷  উল্লেখ্য যে সীমান্ত চেতনা মঞ্চই ২০০৮ চনৰ পৰাই ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলৰ ৰাইজৰ শাৰীৰিক-মানসিক দক্ষতা বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ কাম-কাজ কৰি আহিছে ৷ 

বিশেষকৈ বিভিন্ন সাংস্কৃতিক, ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত কৰি আহিছে সীমান্ত চেতনা মঞ্চই৷ ‘আত্মা’ শীৰ্ষক এই চলচ্চিত্ৰ মহোৎসৱৰ জৰিয়তে দেশবাসীৰ মাজত একতা বৰ্তাই ৰখাৰ লগতে আমাৰ মাজৰ পৰা হেৰাই যাব ধৰা সাংস্কৃতিক ঐতিহ্য, পৰম্পৰাগত উপাসনা পদ্ধতিক শুদ্ধ আৰু সহজ ৰূপত উপস্থাপন কৰা হ’ব বুলিও সংবাদমেলত সীমান্ত চেতনা মঞ্চৰ কৰ্মকৰ্তাসকলে উল্লেখ কৰে৷

cinema