আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাক ‘মঘাই ওজা বঁটা’ প্ৰদান

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত আৰু যোৰহাট জিলা সমিতিৰ উদ্যোগত পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় মঘাই ওজা দিৱস দুদিনীয়াকৈ চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাক ‘মঘাই ওজা বঁটা’ প্ৰদান

ডিজিটেল সংবাদ, যোৰহাট : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত আৰু যোৰহাট জিলা সমিতিৰ উদ্যোগত পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় মঘাই ওজা দিৱস দুদিনীয়াকৈ চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। পৰিষদৰ যোৰহাট জিলা সমিতিৰ সভাপতি অসীম জ্যোতি শইকীয়া আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ গায়নে বিজ্ঞপ্তিযোগে জনাই যে- পুৱা পৰিষদৰ পতাকা উত্তোলন কৰে পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে।

Advertisment

চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাক ‘মঘাই ওজা বঁটা’ প্ৰদান

মুকলি সভা উদ্বোধন কৰি পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই কয় যে- চৰকাৰে মঘাই ওজাক পাহৰিলে। পৰিষদে এই ক্ষেত্ৰত চৰকাৰকো দায়িত্ব সোঁৱৰাই দিয়াৰ প্ৰসংগ উল্লেখ কৰে। মুকলি সভাত উপস্থিত হৈ যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে ১০বছৰ পূৰ্বতেই তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে মঘাই ওজা শীৰ্ষক বঁটা প্ৰদান আৰম্ভ কৰিছিল যদিও অজ্ঞাত কাৰণত সেয়া প্ৰচলিত হৈ নাথাকিল। বৰ্তমানৰ চৰকাৰখনৰ এইক্ষেত্ৰত উদ্যোগ ল'বলৈ অনুৰোধ জনাব বুলি কয়। 

আনহাতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড°জ্যোতিৰেখা হাজৰিকায়ে অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ ঢোল আৰু মঘাই ওজাৰ সম্পৰ্কৰ ওপৰত বক্তব্য প্ৰদান কৰাৰ উপৰিও মঘাই ওজাৰ পৰিয়ালৰ বৰ্তমানৰ আৰ্থিক স্বচ্ছলতাৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনৰ কৰিবলগীয়া বহু খিনি আছে বুলি মন্তব্য কৰে।

মঘাই ওজা বঁটা প্ৰদান অনুষ্ঠান
মঘাই ওজা বঁটা প্ৰদান অনুষ্ঠান

 

তাৰ পাছতেই গামোচা, চেলেং, জাপি, স্মাৰক বঁটা ,শৰাই, সম্বৰ্ধনা পত্ৰ আৰু নগদ ২৫,০০০টকাৰে বঁটা প্ৰদান কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিসহিতে বিশিষ্ট অতিথিসকলে বঁটাপ্ৰাপক আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাক। বঁটা গ্ৰহণ কৰি বৰুৱায়ে পৰিষদক ধন্যবাদ জনাই মঘাই ওজা অসমীয়া জাতিৰ এক প্ৰতীক। এটা জাতিৰ বহু সৰু বৰ পথিকৃৎ ব্যক্তি থাকে, সেই লৈ জাতি মহীয়ান হয়। সুস্থ -সবল হয়। 

তেওঁ ঢোলৰ জড়িয়তে মঘাই ওজাৰ অৱদান সম্পৰ্কে দোহাৰে। জাতিৰ যাত্ৰাত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰজন্মৰ গতি থাকে। মঘাই ওজাৰূপী পথিকৃৎ ব্যক্তিক জীয়াই ৰাখি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে মহান কাম কৰিছে। 

তেওঁ কয় যে, জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে জ্যোতি, বিষ্ণু, ভূপেন হাজৰিকাক প্ৰতিজন অসমীয়াই শিৰোধাৰ্য কৰি জাতি আগবাঢ়িলে জাতি কেতিয়াও লোপ নাপায়। বৰুৱাক যোৰহাট সাহিত্য সভা, যোৰহাট থিয়েটাৰ হল, যোৰহাট কবি সন্মিলন, বালিগাও আৰ্য ধৰ্মিনী গৰখীয়া টোল, যোৰহাট সাংস্কৃতিক মঞ্চ, যোৰহাট চেণ্ট্ৰেল ক্লাব, অসম সাংস্কৃতিক মহাসভা যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াসকলে আদৰণি জনায়।

মঘাই ওজা বঁটা প্ৰদান অনুষ্ঠান
মঘাই ওজা বঁটা প্ৰদান অনুষ্ঠান

 

লগতে তৃতীয় বাৰ্ষিক মঘাই ওজা শৈক্ষিক ন্যাস বঁটা প্ৰদান কৰা হয় শৈক্ষিক আৰু সাংস্কৃতিক ভাবে আগৰণুৱা কৃৰ্তী ছাত্ৰী চুমী বৰাক । গামোচা, শৰাই ,স্মাৰক বঁটাৰ লগতে ১,০০০টকা উক্ত বঁটাত সংলগ্ন কৰা হয়।

অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰিঘেন দাও শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে জগন্নাথ বৰুৱা মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড°বিমল বৰায়ে। স্মৃতিগ্ৰন্থ খন সম্পাদনা কৰে ৰশ্মিৰেখা বৰায়ে। 

মঘাই ওজা বঁটা প্ৰদান অনুষ্ঠান
মঘাই ওজা বঁটা প্ৰদান অনুষ্ঠান

 

বঁটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰা তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদ অভিজিৎ বৰুৱা, মঘাই ওজাৰ বোৱাৰী নিৰ্মালী বৰুৱা আৰু পৰিষদৰ অসমৰ বিভিন্ন জিলা সমিতিৰ পৰা অহা সহস্ৰাধিক সদস্যই। অনুষ্ঠানৰ লগত সংগতি ৰাখি তিতাবৰৰ শৈক্ষিক প্ৰতিষ্ঠানৰ কণ কণ ছাত্ৰ- ছাত্ৰীৰ এটি দলে  হুঁচৰি পৰিৱেশন কৰে। অনুষ্ঠানটোৰ আঁত ধৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতায়ে।

award