মৰাং অপৃন কেবাংৰ পঞ্চম ত্ৰি-বাৰ্ষিক সাধাৰণ অধিবেশন সম্পন্ন...

মৰাং অপৃন কেবাংৰ পঞ্চম ত্ৰি-বাৰ্ষিক সাধাৰণ অধিবেশন সম্পন্ন...

author-image
Asomiya Pratidin
New Update
মৰাং অপৃন কেবাংৰ পঞ্চম ত্ৰি-বাৰ্ষিক সাধাৰণ অধিবেশন সম্পন্ন...

ডিজিটেল সংবাদ নুমলীগড়: অসমৰ দ্বিতীয় সৰ্ববৃহৎ মিচিং জনগোষ্ঠী মৰাং বংশধৰসকলৰ "মৰাং অপৃন কেবাঙৰ পঞ্চম ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশনখন ১৭ আৰু ১৮ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে মুক্তিযোদ্ধা বগীমলা মৰাং সমন্বয় ক্ষেত্ৰ ( মহুৰামুখৰ বৰটিকা) ত অনুষ্ঠিত হৈ যায়। অসম, অৰুণাচল তথা ভাৰতৰ বিভিন্ন প্ৰান্তত বসবাস কৰি থকা মৰাং বংশধৰসকলে অংশগ্ৰহণ কৰা অনুস্থানত প্ৰথম দিনা কাৰ্যসূচী মতে পুৱাৰে পৰা চাফাই অভিযান, বৃক্ষ ৰোপণৰ লগতে মূল মঞ্চ উদ্বোধন কৰে মৰাং বংশৰ অন্যতম সদস্য সুধীৰ চন্দ্ৰ মৰাঙে।

Advertisment

মৰাং বংশৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুস্থানত প্ৰতিনিধি পঞ্জীয়ন, গুমৰাগ নৃত্য, বিহু নৃত্যৰ লগতে কবিতা পাঠ আৰু কবিতা আবৃত্তি অনুস্থান আৰম্ভ হয়। পৰি মৰাং আৰু জয়ন্ত মাধৱ মৰাঙে কবিতা পাঠ কৰা অনুষ্ঠানত সুশীল মৰাঙৰ দ্বাৰা সম্পাদিত মৰাং বংশাৱলী “মৰাং দ:পৃন” উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডিম্বনাথ মৰাঙে৷

ইয়াৰ পিচতে প্ৰতিনিধি শিবিৰ ,শ্ৰদ্ধাঞ্জলি অনুস্থান,প্ৰতিনিধি সভাৰ লগতে সন্ধিয়া ৬ বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া আৰম্ভ হয়। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অজিত মৰাঙে উদ্বোধন কৰা সাংস্কৃতিক সন্ধিয়াত স্থানীয় শিল্পীসকলে গীতৰ শৰাই আগবঢ়োৱা লগতে অসমৰ জনপ্ৰিয় শিল্পী ৰত্নেশ্বৰ মৰাঙৰ গীতে প্ৰথম দিনা কাৰ্যসূচী অন্ত পাৰে।

দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ক্ষেত্ৰ চাফাইৰ পিছতে পাতাকা উত্তোলন কৰে মৰাং অপৃন কৗবাঙৰ সভাপতি হেম মৰাঙে আৰু স্মৃতি তৰ্পন কৰে ভৰত মৰাঙে৷ অৱসৰপ্ৰাপ্ত অ' এন জি চিৰ কৰ্মচাৰী লুবিধৰ মৰাঙে স্মৃতি গ্ৰন্থ “মৰাং” উন্মোচন কৰাৰ পিছতে “মৰাং বংশৰ উৎপত্তি, প্ৰব্ৰজন, ক্ৰমবিকাশ ও শিক্ষা আৰু আৰ্থ সামাজিক দিশৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়৷

“মৰাং অপৃন কৗবাঙ”ৰ সভাপতি হেম মৰাঙৰ সভাপতিত্বত আবেলি আয়োজিত মুকলি সভা উদ্বোধন কৰে মিচিং ছাত্ৰ সংগঠন টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজ কুমাৰ মৰাঙে৷ সভাত ভাষণ প্ৰদান কৰে ভিলামৰা এন বি মহাবিদ্যালয়ৰ প্ৰবক্তা ভৱেশ মৰাং, গৰৈমাৰি হাইস্কুলৰ প্ৰধান শিক্ষক খগেন মৰাং ,অভ্যৰ্থনা সমিতিৰ সভাপতি ৰত্নেশ্বৰ মৰাঙে ভাষন প্ৰদান কৰে।সন্ধিয়া অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়া পৰিচালনা কৰে সাংস্কৃতিক সন্ধিয়া পৰিচালনা কৰে সাংস্কৃতিক সম্পাদক ভৱেশ মৰাঙে।

ক্লিক কৰি পঢ়কঃ দৃষ্টিহীন শিক্ষাৰ্থীৰ শিক্ষালৈ যুগান্তকাৰী অৱদানঃ বিনামূলীয়াকৈ বিতৰণ হেমকোষৰ ব্ৰেইল সংস্কৰণ...

মৰাং অপৃন কেবাং