/asomiyapratidin/media/media_files/2024/12/21/TcGy1NB3ntxDL7aewL55.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাটঃ অসম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকু'ৰ কাৰ্বি আংলং জিলা সমিতিৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনখনি ডকমকা নগৰস্থিত লংকাম টেৰণ সোঁৱৰণী প্ৰেক্ষাগৃহত শনিবাৰে এদিনীয়াকৈ অনুষ্ঠিত হৈ যায় ।
কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে আপকু'ৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি দিগন্ত মহন্তই । ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰে মুখ্য তৰ্পক লাংহিন নগৰৰ গৰৈমাৰী গাঁৱৰ বাসিন্দা শ্বহীদ সাংবাদিক মাণিক দেউৰীৰ ভগ্নী চিলা দেউৰীয়ে ।
ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰে ক্ৰমে আপকু'ৰ কাৰ্বি আংলং জিলা সমিতিৰ কাৰ্যকৰী সভাপতি লংকিৰাম টেৰণ, উপ সভাপতি ছেমছিং ইংতি আৰু সম্পাদক বীৰেন গোৱালাই । পুৱা ১০.৩০ বজাত অনুষ্ঠিত কৰা হ'য় অন্তিমখন কাৰ্যনিৰ্বাহক সভা । আনহাতে পুৱা ১১ বজাত অনুষ্ঠিত কৰা হয় প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভা ।
প্ৰতিনিধি সভাৰ দ্বাৰ মুকলি কৰে আপকু'ৰ কেন্দ্ৰীয় সদস্য খৰছিং ৰংফাৰে । সভাখন উদ্বোধন কৰে আপকু'ৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰবীন বৰুৱাই । সভাত সভাপতিত্ব কৰে আপকু'ৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি দিগন্ত মহন্তই ।
এই সভাতে পুৰণা সমিতিখন ভংগ কৰি কাৰ্বি আংলং জিলা সমিতিৰ আপকু'ৰ নতুন সমিতিখন গঠন কৰা হয় । কাৰ্বি আংলং জিলা সমিতিৰ আপকু'ৰ নতুনকৈ গঠন কৰা সমিতিৰ নতুন কাৰ্যকৰী সমিতিখন হৈছে ক্ৰমে খৰছিং ৰংফাৰ আৰু দিগন্ত মহন্তক কেন্দ্ৰীয় সদস্য,ৰবীন বৰুৱা আৰু দিগন্ত মহন্তক উপদেষ্টা, ছামছিং ক্ৰ'ক সভাপতি, ছেমছিং ইংতিক কাৰ্যকৰী সভাপতি, বীৰেন গোৱালাক উপ-সভাপতি, ধৰ্মেন্দ্ৰ খাখলাৰীক সম্পাদক, সৌৰভ দাস আৰু নেত্ৰকমল শৰ্মাক সহকাৰী সম্পাদক, লংকিৰাম টেৰণক কোষাধ্যক্ষ, ছাৰছিং ৰংপিক সাংগঠনিক সম্পাদক, নৰেন হাজৰিকাক পত্ৰিকা সম্পাদক আৰু সদস্য হিচাপে ক্ৰমে লংবামন ইংতি, ৰাজু কাঠাৰ, মিজুৰাম হাঞ্চে, পংকজ ডেকা, নাৰায়ণ বৰুৱা আৰু ৰত্নকান্ত পাঠকক নিৰ্বাচিত কৰা হয় ।