প্ৰস্তাৱিত ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছক লৈ হাজোত কামৰূপ জিলা আয়ুক্তৰ চৰজমিন তদন্ত

কামৰূপ জিলাৰ আমিনগাঁৱৰ পৰা হাজো হৈ বৰপেটালৈ নতুন ৰাষ্ট্ৰীয় ঘাইপথচোৱা সম্প্ৰসাৰণৰ বাইপাছৰ বিষয়ক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি শনিবাৰে কামৰূপ জিলা আয়ুক্তই হাজোত এক চৰজমিন তদন্ত কৰে

author-image
Asomiya Pratidin
New Update
vcxdg

ডিজিটেল সংবাদ, হাজো : কামৰূপ জিলাৰ আমিনগাঁৱৰ পৰা হাজো হৈ বৰপেটালৈ নতুন ৰাষ্ট্ৰীয় ঘাইপথচোৱা সম্প্ৰসাৰণৰ বাইপাছৰ বিষয়ক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি শনিবাৰে কামৰূপ জিলা আয়ুক্তই হাজোত এক চৰজমিন তদন্ত কৰে। উল্লেখ্য যে নতুনকৈ নিৰ্মাণ হ'বলগীয়া পথচোৱা হাজোৰ মাজমজিয়া স্পৰ্শ নকৰাকৈ নিৰ্মাণ কৰিব খোজা কাৰ্যক লৈ নিজ হাজোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Advertisment

স্থানীয় ৰাইজে নতুন ৰাষ্ট্ৰীয় ঘাইপথ চোৱা অভয়াপুৰৰ পৰা বাইপাছ কৰাৰ পৰিৱৰ্তে নিজ হাজোক স্পৰ্শ কৰি সাতদলা চʼক নতুবা নতুন বজাৰৰ সমীপৰে বাইপাছ কৰাৰ দাবী জনাই হাজোৰ ঐতিহ্য বিঘ্নিত নোহোৱাকৈ কেতবোৰ যুক্তি দাঙি ধৰে। তাৰোপৰি হাজোৰ বিভিন্ন দল, সংগঠন আৰু স্থানীয় ৰাইজে গঠন কৰি দিয়া সাতজনীয়া কমিটিখনে বিভাগীয় কৰ্তৃপক্ষ, স্থানীয় বিধায়িকাৰ লগতে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে। 

এই বিষয়ে মুখ্যমন্ত্ৰীগৰাকী অৱগত হোৱাত কালি কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ নেতৃত্বত গড়কাপ্তানী বিভাগৰ (ৰাষ্ট্ৰীয় ঘাইপথ) অভিযন্তা, বিভাগীয় অভিযন্তা, কাৰিকৰী বিশেষজ্ঞৰ এটি দলে চৰজমিন তদন্ত কৰি স্থানীয় ৰাইজৰ লগতে ৰাইজে গঠন কৰি দিয়া সমিতি আৰু বিভিন্ন দল সংগঠনৰ লগত বাৰ্তালাপ কৰে। আনকি জিলা আয়ুক্তগৰাকীৰ সন্মুখতে লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা দেৱজিৎ দাসক উভতি ধৰে স্থানীয় ৰাইজে।  

হাজোবাসী ৰাইজৰ স্বাৰ্থ বিঘ্নিত নোহোৱাকৈ ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ বাইপাছৰ বিষয়টো পুনৰ বিবেচনা কৰি নতুনকৈ জোখ-মাপ লৈ এক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।

হাজো