/asomiyapratidin/media/media_files/2024/12/03/93p9ywuqmwli26SbKemh.jpg)
ডিজিটেল ডেস্কঃ দেশত বাঢ়িছে বিদ্যুতচালিত বাহনৰ চাহিদা। শেহতীয়াকৈ প্ৰকাশ পোৱা এক তথ্য অনুসৰি ২০২৪বৰ্ষৰ নৱেম্বৰ মাহলৈকে দেশত বিক্ৰী হৈছে ১০.৭লাখ খন বিদ্যুতচালিত বাইক। যিটো বিগত বছৰতকৈ ৩৭% বৃদ্ধি পাইছে।
চৰকাৰী এক পৰ্টেলৰ তথ্য অনুসৰি, নৱেম্বৰ মাহত অৱশ্যে অক্টোবৰৰ পিছৰ উৎসৱমুখৰ বিক্ৰীৰ চাহিদা হ্ৰাস পোৱাৰ বাবে নৱেম্বৰত ১৫% হ্ৰাস পাই ১.১৮ লাখ ইলেক্ট্ৰিক স্কুটাৰ হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, ২০২৪ চনৰ অক্টোবৰ মাহত ঘৰুৱা ইলেক্ট্ৰিক দুচকীয়া বাহনৰ (ই টু ডব্লিউ) বজাৰত প্ৰায় ৫৪ শতাংশ বৃদ্ধি দেখা গৈছিল । ভাহান ডেচব’ৰ্ডত উপলব্ধ তথ্য অনুসৰি অক্টোবৰ মাহত মুঠ ই টু ডব্লিউ পঞ্জীয়ন ১,৩৯,০২২ ইউনিটলৈ বৃদ্ধি পাইছে।