/asomiyapratidin/media/media_files/2025/03/25/YCQ6JTxk6AizHTxFzfNU.jpg)
মহিলা চোৰৰ উপদ্ৰৱ
ডিজিটেল ডেস্ক: শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত শলগুৰিত চোৰৰ উপদ্ৰৱ। শলগুৰিৰ ২ নং ৱাৰ্ডৰ নিৱাসী নলিনী বৰুৱাৰ বাসগৃহত মঙলবাৰে দিনৰ প্ৰায় ১ বজাত সংঘটিত হয় চুৰি ঘটনা। এই চুৰি ঘটনাৰ সৈতে জড়িত এগৰাকী মহিলাক নলিনী বৰুৱাই কৰায়ত্ত কৰে। মহিলাগৰাকীৰ লগত অহা আনটো চোৰক জয়সাগৰ আৰক্ষীয়ে কৰায়ত্ত কৰে। আনহাতে ,তৃতীয়টো বৰ্তমান চোৰ পলাতক অৱস্থাত।
প্ৰাপ্ত খবৰ অনুসৰি, শলগুৰিৰ ২ নং ৱাৰ্ডৰ নিৱাসী নলিনী বৰুৱাৰ বাসগৃহত দিনৰ ভাগত এ এচ ০৬ — ৭৬৩২ নম্বৰৰ নীলা বৰণৰ এখন মাৰুতী ৮০০ গাড়ীৰে আহি এগৰাকী মহিলাসহ দুটা চোৰ সোমায়। সেই সময়ত ঘৰত নাছিল গৃহস্থ নলিনী বৰুৱা। নলিনী বৰুৱাৰ অসুস্থ ভনীয়েক ঘৰৰ ভিতৰৰ বিচনাত আছিল। নলিনী বৰুৱা পঞ্চায়তৰ কাৰ্যালয়লৈ যোৱাৰ পূৰ্বে ঘৰৰ বাৰাণ্ডাৰ গেটত তলা লগাই ঘৰৰ ভিতৰত বিচনাত থকা ভনীয়েকক খিৰিকীৰে চাবিটো দি গৈছিল। ঘৰলৈ ঘূৰি আহি নলিনী বৰুৱাই বাৰাণ্ডাৰ গেটখন খুলি থকা দেখি আচৰিত হয় আৰু ঘৰৰ ভিতৰলৈ সোমাই যাওঁতে ঘৰৰ ভিতৰত থকা দুই চোৰ পলায়ন কৰে । লগে লগে মহিলা চোৰ মামণি বেগমক নলিনী বৰুৱাই ধৰি স্থানীয় ৰাইজৰ সহযোগত জয়সাগৰ আৰক্ষী চকীৰ আৰক্ষীক চমজাই দিয়ে।
উল্লেখ্যযোগ্য যে, চোৰ মামণি বেগম হিন্দু মহিলাৰ বেশত আহিছিল। কপালত ফোঁট আৰু সেন্দুৰ লৈ আহিছিল। আনহাতে নলিনী এই চুৰিকাণ্ড সন্দৰ্ভত জয়সাগৰ আৰক্ষী চকীত এজাহাৰ দিয়াৰ পাছত জয়সাগৰ আৰক্ষী চকীৰ আৰক্ষীয়ে জোনাকী নগৰৰ পৰা চমিৰ দাস নামৰ চোৰটোক কৰায়ত্ত কৰে। তৃতীয়জন চোৰ মামণি বেগমৰ ভায়েক চানু হাজৰিকা বৰ্তমানলৈ পলাতক বুলি জানিব পৰা গৈছে।
ইফালে, বিলাসীপাৰা বজাৰত মহিলা চিলনী চোৰৰ উপদ্ৰৱ। মহিলা চিলনী চোৰক ৰাইজৰ গণ প্ৰহাৰ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আগন্তুক ঈদ উল ফিতৰৰ প্ৰাক্ মূহুৰ্তত বহিঃ ৰাজ্যৰ মহিলা চিলনী চোৰে বিলাসীপাৰা চহৰত ভয়ংকৰ সন্ত্ৰাস চলাইছে। দুধৰ্ষ মহিলা চিলনী চোৰে মঙলবাৰে বিলাসীপাৰা চহৰৰ চক্ বজাৰৰ কেইবাজনো লোকৰ পকেটৰ পৰা টকা লোৱাৰ সময়ত ৰাইজে হাতে লোটে আটক কৰে। তাৰ পিছতে চিলনী চোৰক ৰাইজে সোধাই উত্তম-মাধ্যম।