/asomiyapratidin/media/media_files/2025/01/24/SDjIx3HPecbWcUtTB2pk.jpg)
ডিজিটেল ডেস্কঃ নিচাযু্ক্ত দ্ৰব্যৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষী-প্ৰশাসনৰ অভিযান । সমান্তৰালভাৱে শুকুৰবাৰেও গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ কৰা হয় বুজন পৰিমাণৰ নিচাযু্ক্ত দ্ৰব্য ।
উল্লেখযোগ্য যে গুৱাহাটী ৰে’ল ষ্টেচনত RPF আৰু NCBএ যুটীয়া অভিযান চলায় জব্দ কৰে বুজন পৰিমাণৰ নিচাযু্ক্ত সামগ্ৰী । সমান্তৰালভাৱে অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এগৰাকী মহিলা সৰবৰাহকাৰী । মহিলা সৰবৰাহকাৰী গৰাকীৰ নাম ৰুদ্রাণী ভট্টাচাৰ্য ।
আটকাধীন মহিলাগৰাকীৰ পৰা হেৰ’ইন ভৰ্তি ৩০টা চাবোনৰ বাকচ জব্দ কৰা হয় । জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য প্রায় ৭২ লাখ টকা । অভিযানকাৰী দলে জনশতাব্দী এক্সপ্রেছৰ পৰা গ্রেপ্তাৰ কৰে মহিলাগৰাকীক ।