বিপদে লগ এৰা নাই ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ক !

সতীৰ্থ জোৱানে গুলিয়াই হত্যা কৰিলে জোৱানক...

author-image
Asomiya Pratidin
New Update
বিপদে লগ এৰা নাই ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ক !

নিহত ছিংৰি মামাই

ডিজিটেল সংবাদ, অৰুণাচলঃ বিপদে লগ এৰা নাই অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ক। বিশ্ববিদ্যালয় চৌহদত এইবাৰ সতীৰ্থ জোৱানে গুলিয়াই হত্যা কৰিলে আই আৰ বি এন জোৱানক।

জানিব পৰা মতে, শুকুৰবাৰে নিশা প্ৰায় ৯:৪২ বজাত বিশ্ববিদ্যালয় চৌহদত নিৰাপত্তাৰ বাবে নিয়োজিত আই আৰ বি এনৰ এটা পহৰাদাৰী দলৰ দুজন জোৱান ৱাংৰু টাইদং আৰু ছিংৰি মামাইৰ মাজত কিবা কথাত তৰ্কা-তৰ্কি লাগে। হঠাতে অধিক উত্তেজিত হৈ পৰা টাইদঙে নিজৰ একে ৪৭ ৰাইফলেৰে চিংৰি মামাইলৈ লক্ষ্য কৰি দুজাই গুলিবৰ্ষণ কৰে।

অভিযুক্ত ৱাংৰু টাইদং
অভিযুক্ত ৱাংৰু টাইদং

ফলত থিতাতে ঢলি পৰা মামাইক ততালিকে নাহৰলগুন টম' ৰিবা মেডিকেল কলেজ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে জোৱান মামাইৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। আৰক্ষীয়ে অভিযুক্ত ৱাংৰু টাইদঙক গ্ৰেপ্তাৰ কৰি বৰ্তমান দৈমুখ আৰক্ষী থানাত ৰাখিছে।

উল্লেখ্য যে, নিহত চিংৰি মামাই দিয়ুনত থকা দ্বিতীয় আই আৰ বি এনৰ জোৱান আছিল আৰু তেঁওৰ ঘৰ চাংলাং জিলাত । আনহাতে ১৭ অক্টোবৰত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষৰ কোঠাতো বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ এটা দলে তেওঁলোকৰ দাবী মানি নোলোৱাৰ বাবে ভাঙি তচনচ কৰিছিল। সেই ঘটনাৰ পাছত বিশ্ববিদ্যালয় চৌহদত অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছিল।

আৰু পঢ়কঃ নামখলা আঞ্চলিক ৰাস মহোৎসৱত গ্ৰন্থ উন্মোচন...

irbn rajiv gandhi university arunachal police arunachal pradesh