ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলং : অসম আৰু মেঘালয় সীমান্তৰ কাষৰীয়া অঞ্চলৰ উমজাকিনি এলেকাৰ হাবাং অঞ্চলত অৱ্যাহত আছে বন্যদস্যুৰ অতপালি। বনজ সম্পদৰে ভৰপূৰ এলেকাটোৰ পৰা বহু মূল্যবান গছ গছনি কাটি তহিলং কৰিছে বনদস্যুৰ দলে ৷
জানিব পৰা মতে গছ কাটি থকাৰ সময়তে বন বিষয়াসকলে বিশেষ সূত্ৰে খবৰ লাভ কৰি অঞ্চলটোত অভিযান চলাই মূল্যবান গছসহ দুখন বাহন জব্দ কৰিবলৈ সক্ষম হয়। বাহন দুখনৰ এখনৰ নম্বৰ হৈছে- এম এল ০৫ এছ ৮৭১০। আনহাতে আনখন বাহনৰ নম্বৰ লিখা নথকা বুলি বনকৰ্মীয়ে জানিবলৈ দিয়ে।
ইফালে এই ঘটনাৰ পাছতে বন বিষয়াসকলে বনাঞ্চল এলেকাটো সুৰক্ষিত কৰাৰ স্বাৰ্থত অধিক বন সুৰক্ষা কৰ্মী নিয়োগ কৰিবলৈ ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছে। যাতে বনদস্যুৰ কবলৰ পৰা বনাঞ্চলখন ৰক্ষা পৰে। বৰ্তমানে নিয়োজিত হৈ থকা বনকৰ্মীৰ দ্বাৰা বনদস্যু নিয়ন্ত্ৰণ কৰাতো সম্ভৱ নহয় বুলি জানিবলৈ দিয়ে।
আনহাতে উক্ত স্থানতে সংঘটিত হৈছে অন্য এক ঘটনা। বনকৰ্মী আৰু চোৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত স্থানীয় নিৰীহ যুৱক এজনক চোৰৰ দলে দাৰে আক্ৰমণ কৰে। আঘাতপ্ৰাপ্ত যুৱকজনৰ নাম হৈছে- অনিল থাপা (২৩)। বনকৰ্মীক সহায় কৰা সন্দেহত দুৰ্বৃত্তই যুৱকজনক আক্ৰমণ কৰা বুলি বন বিষয়াই মন্তব্য কৰে।