/asomiyapratidin/media/media_files/2025/04/19/4THOJZI2WmpNtD4j0XHs.jpg)
ডিজিটেল ডেস্ক : সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক শনিবাৰে অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত অসম বাৰ্তাজীৱি সংঘই ৰঙালী বিহুৰ ওলগ আৰু সংগঠনৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে। বাৰ্তাজীৱি সংঘৰ সভাপতি মধুসুধন মেধিৰ নেৃত্বতত অহা এটা দলে তেওঁক এই সম্বৰ্ধনা জনায়।
/asomiyapratidin/media/media_files/2025/04/19/rPaypw07qMzWi2l3gWKa.jpg)
সম্বৰ্ধনা গ্ৰহণ কৰি সংবাদ মাধ্যমলৈ অহা প্ৰত্যাহ্বান গ্ৰহণ কৰি আৰু সময়ে আনি দিয়া পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই সমাজৰ হিতৰ হকে দায়বদ্ধতাৰে কাম কৰি যাবলৈ আহ্বান জনায়। সংবাদ মাধ্যমৰ সন্মুখত ক'ভিডৰ সময়ত এক ডাঙৰ প্ৰত্যাহ্বানে দেখা দিছিল।
/asomiyapratidin/media/media_files/2025/04/19/tiIMPPeJIIoWvAtMXXBE.jpg)
বহুতে ভাবিছিল ছপা মাধ্যমলৈ ক'ভিডে সৃষ্টি কৰা পৰিৱেশে অনিশ্চয়তা নমাই আনিব। কিন্তু ৰাইজৰ সহযোগ আৰু প্ৰান্তে-প্ৰান্তে কৰ্মৰত সংবাদকৰ্মীসকলৰ প্ৰয়াসে এই প্ৰত্যাহ্বান মষিমূৰ কৰিলে। তেনে এক ইতিবাচক দৃষ্টিৰে পৰৱৰ্তী সময়টো সংবাদকৰ্মী তথা সাংবাদিকসকলক আগবাঢ়ি যাবলৈ বৰুৱাই আহ্বান জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us