/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3e4a6ea4-d424-4250-be17-b4e96e5727f2/KAMRUP_14.jpg)
KAMRUP
ডিজিটেল সংবাদ গৰৈমাৰীঃ সৰ্বভাৰতীয় নীট পৰীক্ষাত কৃতিত্বসহকাৰে উত্তীৰ্ণ হৈ বৃহত্তৰ গৰৈমাৰীলৈ গৌৰৱ কঢ়িয়াই অনা আৰু শেহতীয়াকৈ মেডিকেল কলেজত আসন লাভ কৰা গৰৈমাৰীৰ মেধাৱী শিক্ষাৰ্থী দুগৰাকীক বৃহস্পতিবাৰে অভিনন্দন জনোৱা হয়৷ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ মহিমাৰী গাঁৱৰ ছাইফুল ইছলামৰ কন্যা উম্মে ৰুমান ইছলামে সৰ্বভাৰতীয় নীটৰ পৰীক্ষাত সৰ্বমুঠ ৫৫৯ নম্বৰ আৰু হাতীশলাৰ আয়নাল হকৰ পুত্ৰ আশ্ৰাফুল হকে মুঠ ৫৫০ নম্বৰ লৈ কৃতিত্বসহকাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে৷
উল্লেখ্য যে, গৰৈমাৰীৰ আল-আমিন ইছলামীক মডেল স্কুলৰ পৰা শিক্ষাৰ পাতনি মেলিছিল দুয়োগৰাকী শিক্ষাৰ্থীয়ে৷ জানিব পৰামতে নীটত সফলতাৰে উত্তীৰ্ণ হোৱা তথা শেহতীয়াকৈ মেডিকেল কলেজত আসন লাভ কৰিবলৈ সক্ষম হোৱা উম্মে ৰুমান ইছলাম আৰু আশ্ৰাফুল হকক গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ তৰফৰ পৰা আজি আনুষ্ঠানিকভাৱে অভিনন্দন জনোৱা হয়৷
এই উপলক্ষে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত এখনি সভা অনুষ্ঠিত হয়৷ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ উপ-অধীক্ষক ডাঃ অসীম কুমাৰ কাকতি, চিকিৎসক ডাঃ কুৰবান আলী আহমেদ, ডাঃ ইমৰান হুছেইন অংশগ্ৰহণ কৰা সভাখনত উম্মে ৰুমান ইছলাম আৰু আশ্ৰাফুল হকক ফুলাম গামোচাৰ লগতে বিভিন্ন উপহাৰ প্ৰদান কৰি সন্মান যচা হয়৷