বকোত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...

সম্বৰ্ধনা অনুষ্ঠানত কোচ ৰাজবংশী জনগোষ্ঠীৰ কুশান নৃত্য পৰিৱেশন

author-image
Asomiya Pratidin
New Update
 বকোত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...

boko

ডিজিটেল সংবাদ,বকোঃ বকোত দেওবাৰে দেশী জনগোষ্ঠীয় মঞ্চ নামৰ সংগঠনটোই হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়। ৪৮নং বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত বামুণবড়ী প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত সংগঠনটোৰ বামুণবড়ী আঞ্চলিকৰ উদ্যোগত সম্বৰ্ধনা জনোৱা হয়।

Advertisment

সম্বৰ্ধনা অনুষ্ঠান উপলক্ষে ৰাতিপুৱা পতাকা উত্তোলন কৰে বামুণবড়ী আঞ্চলিক দেশী জনগোষ্ঠীয় মঞ্চৰ সভাপতি তৈফৰ আলীয়ে। মুকলি সভা উদ্বোধন কৰে প্ৰৱীণ কুমাৰ চৌধুৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক খলিলুদ্দিন আহমেদে । ইয়াৰ পিচতে স্থানীয় শিল্পী সকলে সমবেত সংগীত পৰিৱেশন কৰে ।

সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ গ্ৰহণ কৰে দেশী জনগোষ্ঠীয় মঞ্চৰ সভাপতি শ্বেখ হেদায়েতুল্লাহ আৰু অৱসৰপ্ৰাপ্ত শিক্ষক ড৹ গণেশ্বৰ চহৰীয়াই । সভাখনত অঞ্চলটোৰ চিকিৎসা বিভাগৰ ছাত্ৰ আব্দুল আজিজকো সম্বৰ্ধনা জনায়।

সভাত দেশী সাহিত্য সভাৰ সম্পাদক ড৹ হাবিবুৰ ৰহমান, দেশী জনগোষ্ঠীয় মঞ্চৰ উপদেষ্টা ইছামূল হক মণ্ডল, সহকাৰী সম্পাদক আব্দুল মতলেব আলীকে ধৰি বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে । উল্লেখযোগ্য যে সম্বৰ্ধনা অনুষ্ঠানত কোচ ৰাজবংশী জনগোষ্ঠীৰ কুশান নৃত্য পৰিৱেশন কৰি ৰাইজক মনোৰঞ্জন দিয়ে।

BOKO