অসমৰ ক্ৰীড়া উদ্যোগৰ বাটকটীয়া লক্ষ্মীকান্ত মহন্তক গড়গাঁও মহাবিদ্যালয়ৰ সম্বৰ্দ্ধনা

ক্ৰীড়া উদ্যোগ প্ৰতিষ্ঠাৰে ফুটবলৰ পৰা আৰম্ভ কৰি বিভিন্ন খেলৰ বাবে প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ কৰি দেশ বিদেশৰ খেলুৱৈৰ সমাদৰ লাভ কৰা বিশিষ্ট ব্যক্তি লক্ষ্মীকান্ত মহন্তক বুধবাৰে শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয় পৰিয়ালে সম্বৰ্ধনা জনায়

author-image
Asomiya Pratidin
New Update
লক্ষ্মীকান্ত মহন্তক গড়গাঁও মহাবিদ্যালয়ৰ সম্বৰ্দ্ধনা

লক্ষ্মীকান্ত মহন্তক গড়গাঁও মহাবিদ্যালয়ৰ সম্বৰ্দ্ধনা

ডিজিটেল সংবাদ, শিৱসাগৰ : দেশে স্বাধীনতা লাভ কৰাৰ পিছতেই শিৱসাগৰ চহৰত এটা ক্ৰীড়া উদ্যোগ প্ৰতিষ্ঠাৰে ফুটবলৰ পৰা আৰম্ভ কৰি বিভিন্ন খেলৰ বাবে প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ কৰি দেশ বিদেশৰ খেলুৱৈৰ সমাদৰ লাভ কৰা বিশিষ্ট ব্যক্তি লক্ষ্মীকান্ত মহন্তক বুধবাৰে শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয় পৰিয়ালে সম্বৰ্ধনা জনায় ৷ অসমৰ সমাজ জীৱন, সাংস্কৃতিক-আধ্যাত্মিক জীৱন, ক্ৰীড়া, উদ্যোগ আদি বিভিন্ন ক্ষেত্ৰত  অৱদান আগবঢ়াই অহা উজনিয়াল সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তক গড়গাঁও মহাবিদ্যালয় পৰিয়ালে মহাবিদ্যালয়লৈ আমন্ত্ৰণ জনাই নি আজি  এক বিশেষ অনুষ্ঠানত সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

Advertisment

গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক ড° সব্যসাচী মহন্তই লক্ষ্মীকান্ত মহন্তৰ অসাধাৰণ ব্যক্তিত্বৰ পৰিচয় দাঙি ধৰি কয় যে বিংশ শতিকাৰ ছয় দশকতে শিৱসাগৰৰ দৰে সৰু চহৰ এখনত 'ইণ্ডাষ্ট্ৰীয়েল আৰ্ট' নামৰ ক্ৰীড়া উদ্যোগ প্ৰতিষ্ঠান স্থাপন কৰোঁতা, 'অসম গৌৰৱ' নামৰ দেশ-বিদেশজুৰি সমাদৃত ফুটবলৰ নিৰ্মাতা লক্ষ্মীকান্ত মহন্ত অসমত থলুৱা উদ্যোগ তথা ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে আগবাঢ়িব খোজা নতুন প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ। শিৱসাগৰ বেতবাৰী হাইস্কুলত শিক্ষকতা চাকৰিৰ সমান্তৰালভাৱে ছাইন ব'ৰ্ড লিখা, ক্ৰীড়া সামগ্ৰী বিক্ৰী আদিৰে  আৰম্ভ কৰা 'ইণ্ডাষ্ট্ৰিয়েল আৰ্টে' এতিয়া অসমৰ কেইবা ঠাইতো শাখা স্থাপন কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে অসম সত্ৰ মহাসভা, অসম ক্ৰীড়া সন্থা আদিৰ লগতে শিৱসাগৰ নাট্য সমাজ, শিৱসাগৰ যুৱদল সহিতে শিৱসাগৰৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে জড়িত লক্ষ্মীকান্ত মহন্ত  অভিনয়, নাট পৰিচালনা, নাট ৰচনা আদিৰ সৈতেও ওতপ্ৰোতভাৱে জড়িত। লক্ষ্মীকান্ত মহন্ত‌ই প্ৰতিষ্ঠা কালৰেপৰা গড়গাঁও মহাবিদ্যালয়ৰ সৈতে তেওঁৰ আন্তৰিক সম্পৰ্কৰ মধুৰ স্মৃতি সোঁৱৰণ কৰি মহাবিদ্যালয়খনৰ বৌদ্ধিক উত্তৰণমুখী যাত্ৰাই তেওঁক সন্তোষ প্ৰদান কৰিছে বুলি মত প্ৰকাশ কৰে।

অনুষ্ঠানটিত লক্ষ্মীকান্ত মহন্তৰ মাজু পুত্ৰ তথা বিশিষ্ট উদ্যোগপতি দেৱজিৎ মহন্ত, গড়গাঁও মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি প্ৰণৱ দুৱৰা, সম্পাদক বনিকা বুঢ়াগোহাঁই, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড° সুৰজিৎ শ‌ইকীয়া, কৰ্মচাৰী পৰিষদৰ সম্পাদক সৌৰভ হাজৰিকাৰ লগতে মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক, কৰ্মচাৰী আদি উপস্থিত থাকে।

sivsagar award