/asomiyapratidin/media/media_files/2025/04/23/1TMjXtNQnIAi42ysDc68.jpg)
ডিজিটেল সংবাদ,কামপুৰ : নগাঁৱৰ কচুৱা শিমলুগুৰি জ্ঞান বিকাশ বিদ্যালয়ত বুধবাৰে এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপনৰ উদেশ্য এই অনুষ্ঠান অনুষ্ঠিত কৰে বিদ্যালয়খনে ।
শিমলুগুৰি জ্ঞান বিকাশ বিদ্যালয়ৰ স্বত্বাধিকাৰী আবুল কালামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত ২৩ গৰাকী কৃতি ছাত্ৰ- ছাত্ৰীক ফুলাম গামোচা,কলম আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত কচুৱা জুনিয়ৰ কলেজৰ অধ্যক্ষ আবুল হাচান, প্ৰবক্তা মৌচিনা খাতুন ফৰাজী, লটুমাৰী পাৰিজাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৱাহিদুজ জামান, শিমলুগুৰি হাইস্কুল, শিমলুগুৰি আঞ্চলিক জাতীয় বিদ্যালয়ৰ লগতে বহুকেইখন শিক্ষানুষ্ঠানৰ প্ৰধানশিক্ষকসকল উপস্থিত থাকে।
সম্বৰ্ধনা অনুষ্ঠানত আমন্ত্ৰিত অতিথিসকলে কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে মূল্যৱান বক্তব্য আগবঢ়ায়।