/asomiyapratidin/media/media_files/2025/04/26/rMUYk6YhYXKOz7LymcbU.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ শেনছোৱা অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান শেনছোৱা শংকৰদেৱ শিশু বিদ্যা নিকেতনত শনিবাৰে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে তথা প্ৰথম বিভাগ আৰু ষ্টাৰ নম্বৰসহ উত্তীৰ্ণ হোৱা ১৮ গৰাকী কৃৰ্তিমানলৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয় । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুনীল নাথৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত কৃতি শিক্ষাৰ্থীসকলক একোখনকৈ সম্বৰ্ধনা পত্ৰ, গামোছা, কলম আৰু গ্ৰন্থৰে আদৰণি জনোৱা হয় ।
/asomiyapratidin/media/media_files/2025/04/26/YsSj7upLAdz2FtBwg1gB.jpg)
উল্লেখযোগ্য যে, নিকেতন পৰিচালনা সমিতিৰ উপ-সভাপতি জ্ঞানজিৎ নাথে আঁত ধৰা অনুষ্ঠানটিত হয়বৰগাঁও হাইস্কুলৰ জ্যেষ্ঠ শিক্ষক তথা শিক্ষাব্ৰতী অশোক সিংহই উপস্থিত থাকি কয় যে সফলতাৰ চমু পথ নাই । পৰিশ্ৰম , সাধনা আৰু অধ্যয়নৰ যোগেদিহে ছাত্ৰ-ছাত্ৰীসকলে সফলতাৰ শিখৰ আৰোহণ কৰিব পাৰে ।
/asomiyapratidin/media/media_files/2025/04/26/idpVPmknLqEk1SwrBsne.jpg)
নিকেতনৰ প্ৰধান আচাৰ্য পংকজ কুমাৰ নাথে আদৰণি ভাষণ প্ৰদান কৰা সভাখনিত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মৃগাংক বৰাই কয় যে, সফলতাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে সপোন খেদিব পাৰিব লাগিব । লগতে তেওঁ কয়- বৰ্তমান সময়ত মোবাইলৰ গ্ৰাসত পৰি বহু নৱ-প্ৰজন্ম অবাটে গৈছে । ইয়াৰ বাবে অভিভাৱকসকল সচেতন হোৱা উচিত ।
/asomiyapratidin/media/media_files/2025/04/26/med2qzGCyYHkGPOjROJH.jpg)
অভিনন্দন অনুষ্ঠানটিত নিকেতনৰ প্ৰাক্তন সভাপতি তৰুণ মহন্ত, উপ-সভাপতি পুস্পেন্দ্ৰ হাজৰিকা, সম্পাদক ৰাজু বৰা, সহ-সম্পাদক দ্বীপেন কাকতি, সমাজকৰ্মী সোনটি দাস, তৰুণ বৰা, তিলক বৰা প্ৰমূখ্যে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকল, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, আচাৰ্য-আচাৰ্যাসকল উপস্থিত থাকে । সভাৰ শেষত নিকেতনৰ প্ৰধান আচাৰ্য পংকজ কুমাৰ নাথে সকলোৰে প্ৰতি শলাগ জ্ঞাপন কৰাৰ পিছত জাতীয় সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us