স্নাতকোত্তৰ পৰীক্ষাত বুৰঞ্জী বিভাগত সৰ্বোচ্চ নম্বৰ লাভ কৰা নিতুশ্ৰী গগৈক দল-সংগঠনৰ সম্বৰ্ধনা

সদ্যঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষাত বুৰঞ্জী বিভাগত সৰ্বোচ্চ নম্বৰ লাভ কৰি শ্ৰেষ্ঠ স্নাতকোত্তৰ হৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে বৰহোলা কাকডোঙা ৮ নং ব্লকৰ নিতুশ্ৰী গগৈয়ে ৷

author-image
Asomiya Pratidin
New Update
নিতুশ্ৰী গগৈক দল-সংগঠনৰ সম্বৰ্ধনা

নিতুশ্ৰী গগৈক দল-সংগঠনৰ সম্বৰ্ধনা

ডিজিটেল সংবাদ, ঘিলাধাৰী : সদ্যঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষাত বুৰঞ্জী বিভাগত সৰ্বোচ্চ নম্বৰ লাভ কৰি শ্ৰেষ্ঠ স্নাতকোত্তৰ হৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে বৰহোলা কাকডোঙা ৮ নং ব্লকৰ নিতুশ্ৰী গগৈয়ে ৷  উল্লেখযোগ্য যে নিতুশ্ৰী বৰহোলা কাকডোঙাৰ ৮ নং ব্লকৰ প্ৰদীপ গগৈ আৰু ৰীণা গগৈ একমাত্ৰ কন্যা ৷ 

Advertisment

আৰ্থিক অনাটনৰ মাজেৰে পঢ়া-শুনা কৰা নিতুশ্ৰীৰ এই সফলতাত গাঁওবাসীৰ লগতে সমগ্ৰ বৰহোলাবাসী উৎফুল্লিত হৈ পৰিছে ৷ ৰাজ্যপালৰ পৰা স্বৰ্ণ পদক লাভ কৰি বুধবাৰে স্বগৃহত উপস্থিত হোৱাৰ পাছতে গাঁৱৰ ৰাইজে মেধাৱী ছাত্ৰীগৰাকীক উষ্ম আদৰণী জনাই আদৰি আনে ৷

ইয়াৰ পিছতে মেধাবী ছাত্ৰীগৰাকীক বাসগৃহত আলোক মইনা পাৰিজাত, বীৰ লাচিত কলাকৃষ্টি নামঘৰ, বৰহোলা টাই আহোম ছাত্ৰ সন্থা, বৰহোলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, ৭ নং ব্লক অংগনবাদী কেন্দ্ৰ, লখিমী আত্মসহায়ক গোট আৰু ব্যক্তিয়ে মেধাৱী ছাত্ৰীগৰাকীক বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে ৷

পৰীক্ষা