১.১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব ফেহুঁজালি

১.১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব ফেহুঁজালি

author-image
Asomiya Pratidin
New Update
১.১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব ফেহুঁজালি

ডিজিটেল ডেস্কঃ অসমৰ চলচিত্ৰ প্ৰেমী ৰাইজৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে ফেহুঁজালি য়ে। ২১ জুনত মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব ফেহুঁজালি। এই তথ্যচিত্ৰখন প্ৰযোজনা কৰিছে অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে। লগতে তথ্যচিত্ৰখন পৰিচালনা কৰিছে ডি.আই.জি পাৰ্থ সাৰথি মহন্তই।

Advertisment

অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ছবিখনৰ বাৰ্তাটোৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কয় যে, “আমি দেখিছো যে কিছুমান ল’ৰা-ছোৱালীয়ে সন্ত্ৰাসবাদী গোটত যোগদান কৰিছে। বিভিন্ন লোকৰ ছলনাত পৰিছে। আমি সিদ্ধান্ত লৈছো যে এনে ছলনাৰ বলি হৈ সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰা সকলৰ আমি মোহভংগ কৰিম। সঁচা জীৱন কাহিনীবোৰ ৰাজহুৱাকৈ দেখুৱাম। তেওঁলোকে কৰা ভুলটো যাতে অন্য একাংশই নকৰে তাৰ বাবে আমি সজাগতাৰ সৃষ্টি কৰিম। যুৱক-যুৱতীসকলক বাস্তৱৰ প্ৰতি জাগ্ৰত কৰাই আমাৰ প্ৰচেষ্টা।”

ইফালে পৰিচালক ড০ মহন্তই ছবিখনৰ কাহিনীৰ বিষয়ে ব্যাখ্যা কৰি কয়, “আৰ্থিক প্ৰলোভন দি অথবা জোৰ-জবৰদস্তি কৰি উগ্ৰপন্থী দলসমূহে যুৱ প্ৰজন্মক নিজৰ প্ৰতি আকৰ্ষিত কৰে। তেওঁলোকক অনৈতিক কাৰ্য-কলাপত লিপ্ত কৰায়। পৰৱৰ্তী সময়ত তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। এই উগ্ৰপন্থী দলসমূহৰ বিৰোধিতা কৰি যুৱ প্ৰজন্মক সজাগ কৰা উদ্দেশ্যে তথ্যচিত্ৰখন নিৰ্মাণ কৰা হৈছে। ইয়াৰোপৰি মহন্তই যুৱ প্ৰজন্মক জীৱনৰ মূল উদ্দেশ্য বুজিবলৈ আৰু ধাৰ্মিকতাৰ পথ আঁকোৱালি ল'বলৈ অনুৰোধ কৰিছে।

ফেহুঁজালি শীৰ্ষক তথ্যচিত্ৰখনে ইতিমধ্যে ৰাইজৰ ব্যাপক প্ৰশংসা আৰু সমাদৰ লাভ কৰিছে। দৰ্শকে তথ্যচিত্ৰখনৰ গভীৰ শলাগ লৈছে। ইফালে সপ্তম নতুন দিল্লী চলচ্চিত্ৰ মহোৎসৱ ২০২৪ ত ইতিমধ্যে প্ৰদৰ্শিত হৈছে ফেহুঁজলী। ছবি জগতৰ বিশিষ্ট ব্যক্তি, সমালোচক আৰু চিনেমা প্ৰেমীৰ সন্মুখত প্ৰদৰ্শন কৰা ‘ফেহুঁজলী’ য়ে শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ সন্মান লাভ কৰে।

এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে, তথ্যচিত্ৰ, চুটি ছবি আৰু এনিমেচনৰ বাবে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (MIFF) অতি খ্যাতিসম্পন্ন। ইয়াক ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে আয়োজন কৰে। ১৫ জুনৰ পৰা আৰম্ভ হ'বলগীয়া এই মহোৎসৱৰ ২১ জুনত অন্ত পৰিব।

Also Read: ১৮ জুনৰ পৰা লোকসভা অধিবেশন ! পূৰ্বতকৈ পৃথক হ'ব এইবাৰৰ অধিবেশন...

Mumbai International Film Festival on June 21 Fehujali