তিনিবছৰত ৫০ৰ পৰা ৮০শতাংশ বাঢ়িছে ব্যক্তিগত বিদ্যালয়ৰ মাচুল...

সন্তানক ভাল শিক্ষা দিবলৈ এতিয়া প্ৰতিগৰাকী অভিভাৱক অৰ্থনৈতিকভাৱে সবল হ'বই লাগিব। কিয়নো শেহতীয়াকৈ এক সমীক্ষাত প্ৰকাশ পাইছে যে, দেশৰ ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ মাচুল বিগত ৩বছৰত ৫০ৰ পৰা ৮০শতাংশ বৃদ্ধি পাইছে।

author-image
Asomiya Pratidin
New Update
িিিিিি

ডিজিটেল ডেস্কঃ সন্তানক ভাল শিক্ষা দিবলৈ এতিয়া প্ৰতিগৰাকী অভিভাৱক অৰ্থনৈতিকভাৱে সবল হ'বই লাগিব। কিয়নো শেহতীয়াকৈ এক সমীক্ষাত প্ৰকাশ পাইছে যে, দেশৰ ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ মাচুল বিগত ৩বছৰত ৫০ৰ পৰা ৮০শতাংশ বৃদ্ধি পাইছে। এই বদ্ধিত মাচুলক লৈ এতিয়া নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মাজত এক হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।

Advertisment

লোকেল ছাৰ্কল নামৰ এটা সংস্থাই দেশৰ প্ৰায় ৮৫সহস্ৰাধিক ব্যক্তিগত বিদ্যালয়ক লৈ চলোৱা এক সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য। এই সমীক্ষাত দেশৰ ৩০০ৰো অধিক চহৰক সামৰি লৈছিল সংস্থাটোৱে। সমীক্ষাত লগতে পোহৰলৈ আহিছে যে, ব্যক্তিগত প্ৰতিখন শিক্ষানুষ্ঠানে প্ৰতিবছৰত তেওঁলোকৰ মাচুল ১০ৰ পৰা ১৫শতাংশ বৃদ্ধি কৰি আহিছে।

প্ৰতিখন বিদ্যালয়ে ভিন্ন ক্ষেত্ৰৰ বাবে সংগ্ৰহ কৰা মাচুল প্ৰতিবছৰে বৃদ্ধি কৰাক লৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকল। 

ভাৰত