সাদিন-প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক হেমন্ত শইকীয়ালৈ নিৰ্ভীক সাংবাদিক বঁটা...

কমাৰবন্ধা প্ৰেছ ক্লাৱৰ ত্ৰি-বাৰ্ষিক অধিৱেশন

author-image
Asomiya Pratidin
New Update
সাদিন-প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক হেমন্ত শইকীয়ালৈ নিৰ্ভীক সাংবাদিক বঁটা...

ডিজিটেল সংবাদ, নুমলীগড়ঃ সাদিন-প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক হেমন্ত শইকীয়াক নিৰ্ভীক সাংবাদিক বঁটাৰ বাবে নিৰ্বাচিত কৰিছে কমাৰবন্ধা প্ৰেছ ক্লাৱে। গোলাঘাট জিলাৰ কমাৰবন্ধা প্ৰেছ ক্লাৱে অহা ২৪-২৫ জুলাইত দুদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা ত্ৰি- বাৰ্ষিক অধিবেশন উপলক্ষে বিভিন্ন কাৰ্যসুচীৰ লগতে ২৫ জুলাইৰ মুকলি সভাত ভিন্ন ক্ষেত্ৰলৈ অবদান আগবঢ়োৱা ৫জন সাংবাদিক তথা সংগঠকক বঁটা প্ৰদানৰ বাবে ব্যবস্থা কৰিছে ৷

Advertisment

ইয়াৰে মৰঙি প্ৰেছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়াক নিৰ্ভীক সাংবাদিক বঁটাৰ বাবে নিৰ্বাচন কৰাত সমগ্ৰ মৰঙি আৰু নুমলীগড়ৰ বৌদ্ধিক জগত উৎফুল্লিত হৈ পৰিছে৷ শুকুৰবাৰে কমাৰবন্ধা প্ৰেছ ক্লাৱে ঘোষণা কৰা ৫জন ব্যক্তিৰ ভিতৰত হেমন্ত শইকীয়াক বঁটা প্ৰদানৰ কথা ৰাজহুৱা কৰে৷ হেমন্ত শইকীয়া মৰঙি মৌজাৰ তেলীয়া গাওঁ নিবাসী প্ৰয়াত সুবৰ্ণ শইকীয় আৰু ডালিমী শইকীয়াৰ পুত্ৰ ৷

গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত অধ্যয়নৰত সময়ৰ পৰাই ১৯৯০ চনৰ পৰা গোলাঘাটৰ পৰা প্ৰকাশিত দৃষ্টিকোণ, গুৱাহাটীৰ পৰা প্ৰকাশিত ’বুধবাৰ’ ইয়াৰ পিছত গোলাঘাটৰ পৰা প্ৰকাশিত সাদিনৰ সংবাদ, উজনিৰ কন্ঠ, অসমীয়া প্ৰতিনিধিৰ উপৰি দৈনিক কাকত অসমীয় প্ৰতিদিন, আমাৰ অসম, বৈদ্যুতিন মাধ্যমত নিউজ টাইম অসম আৰু ২০১৩ বৰ্ষৰ পৰা প্ৰতিদিন টাইমৰ নুমলীগড়ৰ সাংবাদিক হিচাপে সেৱা আগবঢ়াই আহিছে৷ শইকীয়াৰ লগতে প্ৰবীন সাংবাদিক তুলসী প্ৰসাদ দত্তক কমাৰবন্ধা গৌৰব বঁটা, পৰীক্ষিত দত্তক ক্ৰীয়া সংগঠক বঁটা,সমীৰণ দিগন্ত বৰাক সংবাদ সৌৰভ বঁটা আৰু বোকাখাটৰ ৰাজিব বৰাক শ্ৰেষ্ঠ যুৱ সাংবাদিক বঁটা প্ৰদান কৰিব৷

শইকীয়াক এই বঁটাৰ বাবে মনোনীত কৰাৰ বাবে কমাৰবন্ধা প্ৰেছ ক্লাৱক ধন্যবাদ জনোৱাৰ লগতে গোলাঘাট জিলা সাংবাদিক সংস্থা, আপকু গোলাঘাট জিলা সমিতি, মৰঙি প্ৰেছ ক্লাৱ, আটছা, আছু, ছাত্ৰ মুক্তি, দুৰ্নীতি বিৰোধী যুৱ শক্তি, নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়ন, একৰ্ড ৰিফাইনেৰী ৱৰ্কাৰ্ছ ইউনিয়ন, ইমজা নুমলীগড় শাখা, গোলাঘাট জিলা মইনা পাৰিজাত আদি বহুকেইটা দল - সংগঠনে অভিনন্দন জ্ঞাপন কৰিছে৷

Also Read: বিপদে এৰা নাই লগ! পুনৰ ১৪দিনৰ ন্যায়িক জিম্মালৈ কেজৰিৱালক...

sadin pratidin