/asomiyapratidin/media/media_files/2025/05/16/gIrC4ZGAaQljyGhDbYOV.jpg)
আফ্রিকান ছোৱাইন ফিভাৰৰ আতংক
ডিজিটেল সংবাদ, বৰপেটাঃ বৰপেটা জিলা প্ৰশাসনে আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে জাৰি কৰিলে নিষেধাজ্ঞা। বৰপেটা জিলাৰ সৰুক্ষেত্ৰী উন্নয়ন ব্লকৰ অন্তৰ্গত গহিয়া গাঁৱত আফ্ৰিকান ছোৱাইন ফিভাৰ (এ এছ এফ)ৰ নিশ্চিত প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশ (ভাৰপ্ৰাপ্ত) দিগন্ত বৈশ্যই অসম মহামাৰী ৰোগ আইন ২০২৩ৰ ১৬ নং ধাৰাত জৰুৰী নিষেধাজ্ঞা জাৰি কৰিছে ।
/asomiyapratidin/media/media_files/2025/05/16/739hfXFguJlzn1mdkZuK.jpeg)
অধিক সংক্ৰমণ ৰোধ কৰিবলৈ বৰপেটা জিলাৰ সকলো বজাৰ আৰু ৰাজহুৱা স্থানত গাহৰি, গাহৰিৰ পোৱালি, গাহৰিৰ মাংস আৰু আনুষংগিক সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে । ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে চলাচল কৰাৰ বাহিৰে জিলাখনৰ ভিতৰত আৰু বাহিৰত গাহৰিৰ পৰিবহণ নিষিদ্ধ কৰা হৈছে। জনসাধাৰণক গাহৰিৰ মৃতদেহ মুকলি পথাৰ, জলভাগ বা অন্যান্য উন্মুক্ত ঠাইত পেলোৱাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
ইয়াৰ উপৰিও আক্ৰান্ত অঞ্চলৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত চাৰিজন বা তাতকৈ অধিক লোকৰ সমাৱেশত বাধা আৰোপ কৰা হৈছে । পশুৰ স্বাস্থ্য ৰক্ষা আৰু বৃহত্তৰ সংকট ৰোধৰ বাবে জনসাধাৰণৰ পূৰ্ণ সমৰ্থনৰ আহ্বান কৰিছে বৰপেটা জিলা প্ৰশাসনে। এই আদেশ উলংঘা কৰিলে আইপিচিৰ ১৮৮ নং ধাৰাত দণ্ডণীয় হ'ব ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us