ডিজিটেল ডেস্কঃ দেশৰ বিনিয়োগ খণ্ডই যোৱা ৪ টা বছৰত যথেষ্ট সফলতা লাভ কৰিছে। সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰতত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে বিনিয়োগকাৰী সকল। ভাৰত চৰকাৰে গ্ৰহণ কৰা মুক্ত বিনিয়োগ নীতিয়েও এই ক্ষেত্ৰত অৱদান আগবঢ়াইছে।
ভাৰতলৈ প্ৰত্যক্ষ বিদেশী বিনিয়োগ চমুকৈ এফ ডি আই প্ৰৱাহে এক মাইলৰ খুঁটি অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ২০২০ বছৰ পৰা ২০২৪ ৰ চেপ্তেম্বৰলৈকে দেশখনত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণে এক ট্ৰিলিয়ন ডলাৰ অতিক্ৰম কৰিছে।
বিনিয়োগকাৰী সকলে ভাৰতক বিনিয়োগৰ এক নিৰাপদ স্থান বুলি গণ্য কৰা পৰিণতিতে এই বিদেশী বিনিয়োগৰ পৰিমাণ লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে। উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰৰ তথ্য অনুসৰি এই সময়ছোৱাত ইকুইটি,পুণৰ বিনিয়োগ কৰা উপাৰ্জন আৰু অন্যান্য মূলধনকে ধৰি বিদেশী বিনিয়োগৰ সঞ্চিত ধনৰ পৰিমাণ ১০৩৩.৪০ বিলিয়ন ডলাৰ হৈছেগৈ।