/asomiyapratidin/media/media_files/2024/12/05/SDMY9doHCAFxjI5fmzTH.jpg)
ডিজিটেল ডেস্কঃ প্ৰত্যক্ষ বৈদেশিক বিনিযোগৰ ক্ষেত্ৰত স্বাস্থ্যখণ্ডৰ উত্থান বহু পৰিমাণে বৃদ্ধি পাইছে । এইক্ষেত্ৰত চিকিৎসালয়সমূহৰ ভূমিকা লক্ষণীয় । চিকিৎসালয়সমূহে দেশৰ স্বাস্থ্যখণ্ডক নিয়ন্ত্ৰণ কৰি থকা বুলি ক’লেও ভুল কোৱা নহ’ব । 
প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ ৫০ শতাংশ অংশীদাৰীত্বই লাভ কৰে দেশৰ  চিকিৎসালয়সমূহে। ২০২৪ বিত্তীয় বৰ্ষত দেশৰ চিকিৎসালয়ত বিনিয়োগ কৰা ধনৰ পৰিমাণে স্পৰ্শ কৰে ১.৫ বিলিয়ন ডলাৰ । এই পৰিমাণ ২০২১ বৰ্ষৰ বিনিয়োগৰ পৰিমাণৰ দুগুণতকৈয়ো অধিক ।
উল্লেখযোগ্য যে ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ পিছত ভাৰতবৰ্ষত চিকিৎসালয়সমূহত বিনিয়োগৰ গতি ত্বৰান্বিত হৈছে । ভাৰতবৰ্ষৰ মুক্ত বজাৰ বৈদেশিক নীতি তথা   নাগৰিকৰ প্ৰয়োজনীয়তা অনুভৱ কৰি বহিৰাগত বিনিয়োগকাৰীয়ে দেশৰ স্থাস্থ্যখণ্ডত বিনিয়োগ কৰিবলৈ তৎপৰতা প্ৰকাশ কৰিছে । 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us