/asomiyapratidin/media/media_files/2025/03/05/1xGuX2ghn6cdDA2KmKG4.jpg)
make in india
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ‘মেক ইন ইণ্ডিয়া ফৰ দ্য ৱৰ্ল্ড’ ৱেবিনাৰ। বাজেটৰ পিছত আয়োজন কৰা এই ৱেবিনাৰখনৰ মুল লক্ষ্য আছিল উৎপাদন খণ্ডক শক্তিশালী কৰা। উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰসাৰৰ বাবে কেন্দ্ৰীয় বিভাগে আয়োজন কৰিছিল ৱেবিনাৰখন। উদ্যোগীক নেতা আৰু চৰকাৰী বিষয়াসকলেও অংশগ্ৰহণ কৰিছিল এই ৱেবিনাৰখনত। ৱেবিনাৰত উৎপাদন ক্ষমতা বৃদ্ধি কৰা, ৰপ্তানি বৃদ্ধি কৰা, ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীক সহায় কৰা আদিৰ বিষয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়।
এই ৱেবিনাৰত অংশগ্ৰহণ কৰে হায়দৰাবাদৰ ফুটৱেয়াৰ ডিজাইন এণ্ড ডেভেলপমেণ্ট ইনষ্টিটিউটে। এফ ডি ডি আই হায়দৰাবাদৰ কাৰ্যবাহী সঞ্চালক ড০ নৰসিংহুগৰী তেজ লোহিত ৰেড্ডীয়ে ভাৰতৰ জোতা আৰু ডিজাইন উদ্যোগলৈ বিশ্বব্যাপী উত্তম পদ্ধতিসমূহ অনাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ ভূমিকা সম্পৰ্কে বক্তব্য আগবঢ়ায়। এই আলোচনাই দেশৰ স্বাৱলম্বীতাৰ দিশত কাম কৰাৰ সমান্তৰালভাৱে বিশ্ব উৎপাদন ক্ষেত্ৰত এক শক্তিশালী প্ৰতিস্থান হোৱাৰ লক্ষ্যক আৰু অধিক শক্তিশালী কৰি তুলিলে। লগতে এই ৱেবিনাৰত ব্যৱসায় কৰা সহজ পদ্ধতিৰ পৰা আৰম্ভ কৰি নতুন প্ৰযুক্তি, দক্ষতা বিকাশ, আৰু চাকৰি সৃষ্টিৰ ভূমিকালৈকে বিভিন্ন বিষয় সামৰি লোৱা হৈছিল। জোতা, বস্ত্ৰ, খাদ্য প্ৰক্ৰিয়াকৰণ, ইলেক্ট্ৰনিকছ আদি উদ্যোগসমূহৰ বিষয়েও আলোচনা কৰা হৈছিল এই ৱেবিনাৰত।