/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ef85f506-286c-4cab-b100-1417501620d8/fci.jpg)
fci employee
ডিজিটেল সংবাদ,নগাঁওঃ ভাৰতীয় খাদ্য নিগমত কৰ্মৰত শ্ৰমিকৰ প্ৰতিবাদে উত্তাল কৰিলে নগাঁও ৷ নগাঁৱৰ হয়বৰগাঁৱস্থিত ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ৰ সন্মূখত শ্ৰমিক সকলে প্ৰতিবাদ কৰে ৷ দৰমহা বৃদ্ধি কৰা ,খাদ্য নিগমত ঠিকাদাৰী ব্যৱস্থা দূৰ কৰা আদিৰ দাবীত স্থায়ী আৰু অস্থায়ী শ্ৰমিক সকলে প্ৰতিবাদ কৰে ৷ নিগমে শ্ৰমিকৰ দাবী মানি নল’লে পৰবৰ্তী সময়ত আঞ্চলিক কাৰ্যালয়ত প্ৰতিবাদ কৰিব বুলি কয়।
পৰৱৰ্তী সময়ত দিল্লীত আৰু ইয়াৰ পিছতো যদি শ্ৰমিক সকলৰ দাবী মানি নলয় তেনেহ’লে দেশজুৰি ব্যাপক গণ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিছে এফ চি আইৰ শ্ৰমিকসকলে ৷