পিতৃ দিৱস আৰু এখন ভাইৰেল ফটো…

পিতৃ দিৱস আৰু এখন ভাইৰেল ফটো…

author-image
asomiyapratidin
New Update
পিতৃ দিৱস আৰু এখন ভাইৰেল ফটো…

পিতৃ দিৱস আৰু এখন ভাইৰেল ফটো

Advertisment

ডিজিটেল ডেস্ক: আজি ২০ জুন আজিৰ দিনটোক বিশ্বত পিতৃ দিৱস হিচাপে পালন কৰা হয়। সন্তান আৰু পিতৃ মাজৰ সম্পৰ্কৰ চিন হিচাপে ইউৰোপীয় দেশ সমূহত মধ্য যুগৰে পৰা এই দিৱস পালন কৰি আহিছে । আমেৰিকা যুক্ত ৰাষ্ট্ৰত এই পিতৃ দিৱস সোনোৰা স্মাৰ্ট ডডৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু ১৯১০ চনত প্ৰথম বাৰলৈ জুন মাহৰ তৃতীয় সপ্তাহৰ দেওবাৰৰ দিনটোক পিতৃ দিৱস হিচাপে পালন কৰা হৈছিল। সন্তান আৰু পিতৃৰ সম্বন্ধ প্ৰকাশ কৰাৰ নিৰ্দিষ্ট কোনো দিন নাথাকে, প্ৰত্যেক সন্তানৰ বাবেই নিজৰ পিতৃ মাতৃ সদায়ে বিশেষ আৰু প্ৰধান তেঁওলোকক সন্মান কৰিবলৈ বা তেঁওলোকক মৰম দিবলৈ এটা নিৰ্দিষ্ট দিনৰ প্ৰয়োজন নাথাকে।

পঢ়িবলৈ ক্লিক কৰক: ভাৰ্চুৱেলী অনুষ্ঠিত বিষ্ণু ৰাভা দিৱস

কিন্তু এই পিতৃ দিৱসে এজন পিতৃৰ প্ৰতি থকা  সন্তানৰ মৰম প্ৰকাশ কৰিবলৈ এক সুযোগ প্ৰদান কৰে ।প্ৰত্যেক জন ব্যক্তিৰ জীৱনৰ আৰম্ভণিৰে পৰা পিতৃয়ে এক নেপথ্য ভূমিকা পালন কৰে। সন্তানৰ অসুখত যিদৰে এগৰাকী মাতৃয়ে উৰে ৰাতি সাৰে থাকি চকুলো তুকে সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত এগৰাকী পিতৃয়েও বহু নিদ্ৰাহীন নিশা কটাই। মাতৃৰ  মৰম আৰু স্নেহ পোহৰৰ দৰে স্পষ্ট কিন্ত পিতৃ মৰম আকাশৰ দৰে গভীৰ আৰু বিশাল য'ত লীন হৈ থাকে বহু অকথ্য আশা,আকাংক্ষা,হেঁপাহ,আশা,প্ৰত্যাশা অথচ মৌন হৈ থাকে তেঁও!

আজিৰ এই পিতৃ দিৱসৰ বিশেষ দিনটোত সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হোৱা এখন  ফটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ  সক্ষম হৈছে। নিজ সন্তানৰ বাবে বহু সময়ত এজন দেউতাকে কৰা ত্যাগ আৰু কষ্টৰ উদাহৰণ বহু আছে।ছবি খনত নিজ কন্যাৰ অধ্যয়ণৰ বাবে বৰষুণত ছাতি লৈ থকা এজন পিতৃক সকলোৱে প্ৰশংসা কৰিছে। এতিয়া কোভিডৰ বাবে সকলো অধ্যয়ন অনলাইনতে হয় ছবিখনত তেনে এটা দৃশ্যই ফুটি উঠিছে ।এই ভাইৰেল ফটোখন কৰ্ণাটকৰ মালনাদ অঞ্চলৰ চুলিয়া তালুকৰ। এই ফটোখনত ধাৰাসাৰ বৰষুণৰ মাজত, এজন ব্যক্তি ছাতি লৈ থিয় হৈ আছে আৰু তেওঁৰ জীয়েকে ছাতিৰ তলত এটা অনলাইন শ্ৰেণীত অংশগ্ৰহণ কৰি আছে।

এই ফটোখন মহেশ পুচাপাদি নামৰ এজন ফটো সাংবাদিকে ফটো তুলিছিল আৰু তেওঁ কৈছিল যে ছোৱালীজনীয়ে দশম শ্ৰেণীৰ পৰীক্ষাৰ অধ্যয়নৰ  বাবে প্ৰতিদিনে আবেলি ৪ বজাত এই ঠাইলৈ আহে আৰু তাইৰ ঘৰত নেটৱৰ্কৰ অসুবিধাৰ বাবে অনলাইন ক্লাচ কৰে সেইদিনা বৰষুণ পৰি থকাৰ বাবেই তাইৰ পিতৃয়ে পঢ়াত অসুবিধা নহবৰ বাবে এই দৰে সহায় কৰি আছিল।