ভাৰ্চুৱেলী অনুষ্ঠিত বিষ্ণু ৰাভা দিৱস…

ভাৰ্চুৱেলী অনুষ্ঠিত বিষ্ণু ৰাভা দিৱস…

ভাৰ্চুৱেলী অনুষ্ঠিত বিষ্ণু ৰাভা দিৱস…

ডিজিটেল ডেস্কঃ কোভিডৰ সন্ত্ৰাসৰ মাজতে ৰাজ্যজুৰি অনুষ্টুপীয়াকৈ উদযাপন হৈছে বিষ্ণু ৰাভা দিৱস। সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি সভাৰ অন্তৰ্গত সকলো জিলা সমিতিৰ লগতে শাখা সমূহেও অনাড়ম্বৰ ভাৱে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিছে বিষ্ণু ৰাভা দিৱস। ইয়াৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিষ্ণু ৰাভা দিৱসটি ভাৰ্চুৱেলীও অনুষ্ঠিত কৰা দৈখিবলৈ পোৱা গৈছে।

মহানগৰীৰী গীতানগৰৰ সৃজনী নৃত্য কলা কেন্দ্ৰইয়ো বিষ্ণু ৰাভা দিৱসটি ভাৰ্চুৱেলী অনুষ্ঠিত কৰিলে। এই অুষ্ঠানত কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে নিজৰ ঘৰত থাকিয়েই অংশ গ্ৰহণ কৰিলে। বিষ্ণু ৰাভাৰ কেইবাটাও কালজয়ী গীতত নৃত্য প্ৰদৰ্শন কৰিলে সৃজনী কলা কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে। কোভিড পৰিস্থিতিৰ মাজত এই দৰে ভাৰ্চুৱেলী বিষ্ণু ৰাভা দিৱসটি উদযাপন কৰাৰ উপৰিও শিক্ষাৰ্থীসকলৰ মাজত ৰাভাৰ সৃষ্টিৰাজিৰ চৰ্চা অব্যাহত ৰখাৰ বাবে শিক্ষাৰ্থীসকলৰ অভিভাৱকৰ লগতে সচেতন ৰাইজে প্ৰশংসা কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in