/asomiyapratidin/media/media_files/2025/03/17/FlU8K0BDzLwLvDtMGEph.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : অসমীয়া লোক- সংস্কৃতিৰ স্বকীয় বৈভৱ ঢকুৱাখনাৰ ফাটবিহু । ঢকুৱাখনাবাসীৰ প্ৰাণস্পন্দন এই ফাটবিহুৰ ২০২৫ বর্ষৰ উদযাপন সন্দৰ্ভত আলোচনা কৰিবলৈ এখন সাধাৰণ পৰিষদৰ বৈঠক আহ্বান কৰা হৈছে ।
আহ্বায়ক মণ্ডলীয়ে জনোৱা অনুসৰি অহা ২৫ মাৰ্চ মংগলবাৰে ঢকুৱাখনা নগৰৰ ঐতিহ্যমণ্ডিত ফাটবিহু বাকৰিত দিনৰ ১০-০০ বজাত এই বৈঠক অনুষ্ঠিত হ'ব । ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া আৰু সম্পাদক ভাস্কৰ দাসে জনোৱা মতে উক্ত বৈঠকত ফাটবিহু বাকৰিৰ বিভিন্ন উন্নয়নমূলক দিশৰ আলোচনা আৰু ২০২৫ বর্ষৰ ফাটবিহু উদযাপনৰ সন্দৰ্ভত বিশদ আলোচনা কৰা হ'ব ।
সেয়ে ফাটবিহু সমিতিৰ প্ৰতিগৰাকী সাধাৰণ পৰিষদৰ সদস্য , বিষয়ববীয়া আৰু লোককৃষ্টিপ্ৰেমীৰ যথা সময়ত উপস্থিতি ফাটবিহু সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে ।