/asomiyapratidin/media/media_files/2025/03/13/p1xVvZn0F9PTA8MK2ISa.jpg)
নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানি পথত ভয়ংকৰ পথ দুৰ্ঘটনা
ডিজিটেল সংবাদ, বটদ্ৰৱা : দৌল উৎসৱৰ আনন্দ উল্লাসৰ মাজতে নগাঁও -বটদ্ৰৱা সংযোগী গড়কাপ্তানি পথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ফলত গুৰুতৰভাৱে আহত হৈছে এগৰাকী মহিলা।
ঘটনাৰ বিবৰণী অনুসৰি নগাঁৱৰ পৰা বটদ্ৰৱাৰ দিশে তীব্ৰগতিৰে গৈ থকা AS 02 AE 6414 নম্বৰৰ এখন মটৰচাইকেলে একেদিশে গতি কৰা AS02 DC 9397 নম্বৰৰ এখন টেম্পত খুন্দা মাৰে। দুৰ্ঘটনাত টেম্প আৰোহী এগৰাকী মহিলা আৰু মটৰচাইকেল আৰোহী যুৱকজন গুৰুতৰভাৱে আহত হয়।