চতিয়াৰ জয়সিদ্ধিত ভয়ংকৰ দুৰ্ঘটনা : উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰ চিঙি বিকল ট্ৰেন্সফৰ্মাৰ

চতিয়াৰ জয়সিদ্ধি অঞ্চলৰ মনাপুৰ, গনেশপুৰ, জাপি পুখুৰীৰ আৰু নগাঁওকে ধৰি কেইবাখন গাঁৱত বুধবাৰে সন্ধিয়া সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা ৷ যাৰ ফলত চাৰিখনকৈ গাঁৱৰ ৰাইজৰ কথমপি প্ৰাণ ৰক্ষা পৰে । 

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

ডিজিটেল সংবাদ, জামুগুৰিহাট : চতিয়াৰ জয়সিদ্ধি অঞ্চলৰ মনাপুৰ, গনেশপুৰ, জাপি পুখুৰীৰ আৰু নগাঁওকে ধৰি কেইবাখন গাঁৱত বুধবাৰে সন্ধিয়া সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা ৷ যাৰ ফলত চাৰিখনকৈ গাঁৱৰ ৰাইজৰ কথমপি প্ৰাণ ৰক্ষা পৰে । 

উল্লেখযোগ্য যে ৪লাখ ভল্টৰ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তথা বৰলাইনৰ তাঁৰ চিঙি তলত থকা ২২০ আৰু ৪৪০ ভল্টৰ তাঁৰত ওলমি যোৱাৰ ফলত ওচৰে পাজৰে থকা চাৰিটাকৈ ট্ৰেনছফৰমাৰ জ্বলি বিকল হৈ পৰে। লগতে  বিদ্যুতৰ সংযোগ থকা পৰিয়ালৰ গৃহসমূহৰ ইনভাৰ্টাৰ, ঘৰুৱা মিটাৰ, ফ্ৰীজ, টিভি আৰু পানী উঠোৱা মটৰকে ধৰি বিদ্যুৎ সংযোগ থকা অন্যান্য সা- সামগ্ৰীসমূহ চৰ্ট চাৰ্কিটৰ ফলতে জ্বলি নষ্ট হৈ যায় । 

ইয়াৰ উপৰিও বৰলাইনৰ তাঁৰ চিঙি টুকুৰা টুকুৰ হৈ গাঁওসমূহৰ ক্ষুদ্ৰ চাহ খেতি, মাকৈ খেতি  কলগছ, আনকি পুখুৰীৰ মাছ পৰ্য্যন্ত মৰি যায় । ইতিমধ্যে পাৱাৰ গ্ৰীডৰ বিষয়া কৰ্মচাৰীয়ে বৃহস্পতিবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰি  বৰলাইনৰ অত তত পৰি থকা তাঁৰৰ মেৰামতিৰ কাম আৰম্ভ  কৰিছে। একেদৰে ৰাইজৰ ক্ষয়- ক্ষতি হোৱা সম্পত্তিৰ হিচাপ লোৱাৰ উদ্দেশ্যে কোম্পানীৰ বিষয়া কৰ্ম্মচাৰীসকলে ৰাইজৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ যো জা চলাইছে । 

আনহাতে গাঁওসমূহৰ ৰাইজে বৰলাইনৰ তাঁৰ পৰি হোৱা ক্ষয়- ক্ষতিৰ পৰিমাণ পাৱাৰ গ্ৰীডক দাখিল কৰিব বুলিও জানিবলৈ দিছে। ৰাইজৰ দাবীসমূহ মানি লৈ পাৱাৰ গ্ৰীডৰ কোম্পানীয়ে যদি উপযুক্ত ক্ষতিপূৰণ আদায় নিদিয়ে তেন্তে কোম্পানীৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্য্যসুচী হাতত ল’বলৈ বাধ্য হ’ব বুলিও জনাইছে।

জামুগুৰিহাট