/asomiyapratidin/media/media_files/2025/04/30/g7h7gPOSt95rQGSoKVs8.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: অসমীয়া লোক কৃষ্টিৰ বৰ ভেঁটি স্বৰূপ ম'হঘুলী চাপৰিৰ ফাটবিহুৰ সৈতে একাত্মহৈ সম্প্ৰীতিৰ বাণী বিলাবলৈ জাতীয় সাজেৰে ঢকুৱাখনালৈ আহক। অহা ৯ মে'ৰ পৰা ১১মে' লৈ অনুষ্ঠিত হ'ব ঢকুৱাখনাৰ একক লোক সম্পদ ফাটবিহু-২০২৫। শতিকা অতিক্ৰমা এই পৰম্পৰাগত বৰ্ণাঢ্য লোক সংস্কৃতিৰ অমিয়া মাধুৰী অভ্ৰ ভেদী বিলাবলৈ সাজু হৈছে ফাটবিহু সমিতি ।
এই আহ্বান ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া আৰু সম্পাদক প্ৰশান্ত হাজৰিকাৰ। বৰ অসমৰ বুকুৰ ভিন্ন জাতি, উপজাতি, জনগোষ্ঠীৰ স্বকীয় লোক সংস্কৃতিৰ নিভাঁজ উপস্থাপনৰ একক থলী ম'হঘুলী চাপৰিৰ ফাটবিহু বাকৰিত বিহুবলিয়া ৰাইজক আদৰিবলৈ সাজু হোৱা ফাটবিহু সমিতি আৰু উদযাপন সমিতিয়ে ইতিমধ্যে তিনিদিনীয়া কৰ্মসূচী ৰাজহুৱা কৰিছে।
ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ হ'ব লগীয়া তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা মঞ্চ মুকলি কৰিব অৱসৰী শিক্ষাবিদ ভোলা নাথ গগৈয়ে। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব প্ৰবীণ বিহুৱতী দিব্য ফুকনে। বিয়লি চেমনীয়া বিহু উদ্বোধন কৰিব প্ৰাক্তন শ্ৰেষ্ঠ বিহুৱা গোলাপ দাসে।
ফাটবিহুৰ দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী শুভাৰম্ভ হ'ব চিকিৎসা বিষয়া ডাঃ অতুল খাউণ্ডৰ বিহু বাকৰিৰ গছ বিৰিষত কপৌফুল ৰোপণ আৰু বাকৰিত গছপুলি ৰোপনেৰে। ইয়াৰ পাছতে অনুষ্ঠিত হব থলুৱা শিপিনী সকলৰ মাজত গামোচা প্ৰতিযোগিতা আৰু পৰৱৰ্তী সময়ত অনুষ্ঠিত হব সকলো জাতি জনগোষ্ঠীৰ স্বকীয় পূৰ্ণ বয়স্ক হুঁচৰি প্ৰতিযোগিতা ।
ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ "বিহুৱান-২০২৫" দ্বিতীয় দিনা বিয়লি উন্মোচন কৰা হ'ব ।উন্মোচক হিচাবে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্রাধ্যাপক, প্ৰবীণ সাহিত্যিক ডঃ কৰবী ডেকা হাজৰিকা। ফাটবিহুৰ অন্তিম দিনাৰ পুৱা ফাটবিহু বাকৰিৰ পৰা উলিওৱা হ'ব বৰ্ণিল সাংস্কৃতিক সম্ভাৰেৰে সমৃদ্ধ সাংস্কৃতিক শোভাযাত্ৰা ।
অভিনেত্ৰী ,নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে উদ্বোধন কৰিব লগা এই শোভাযাত্ৰাৰ পাছতে ফাটবিহুৰ মুখ্য বৈশিষ্ট বিশিষ্ট মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বিহু বাকৰিৰ প্ৰাকৃতিক পৰিবেশৰ উন্মুক্ত বাকৰিত অনুষ্ঠিত হ'ব লগা এই মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব ঘিলামৰাৰ জ্যেষ্ঠ বিহুৱা নিৰঞ্জন গগৈয়ে। পৰৱৰ্তী সময়ত অনুষ্ঠিত হব মুকলি সভা।
ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ'ব লগা মুকলি সভাত মুখ্য অতিথি হিচাবে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা, বিশিষ্ট অতিথি হিচাপে শিক্ষা মন্ত্ৰী ড০ ৰনোজ পেগু, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাকে প্ৰমুখ্য কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি, প্ৰশাসনীয় আমোলা বিষয়া উপস্থিত থকাৰ সম্ভাৱনা আছে।
ফাটবিহু সমিতিয়ে অসমীয়াৰ জাতীয় উৎসৱ ফাটবিহুৰ ৩দিনীয়া কাৰ্যসূচীত সকলো জাতি উপজাতি জনগোষ্ঠীৰ লোক কৃষ্টি প্ৰেমীৰ উৎসাহপূৰ্ণ উপস্থিতি আৰু উত্তৰণমুখী পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে।