/asomiyapratidin/media/media_files/2025/01/24/nDHwLbqh1twdna2jHYqg.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱাঃ নগাঁও জিলাৰ ৰাইডঙীয়াৰ ফুলগুৰি গাঁৱত সামৰ্থ্য বিকাশ কাৰ্যসূচীৰে ``দুই তৰপীয়া কৃষিৰ জৰিয়তে কৃষকৰ সৱলীকৰণ” শীৰ্ষক কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। নাবাৰ্ডৰ পৃষ্ঠপোষকতাত নগাঁও জিলাৰ চিলঙনীস্থিত মাণ্ডলিক গৱেষণা কেন্দ্ৰ আৰু আৰু অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ অধীনস্থ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকৰ উদ্যোগত অলপতে আয়োজিত এই কাৰ্যসূচীত ৩৩ জন উৎসাহী কৃষকে অংশগ্ৰহণ কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে পতংগ বিদ্যাৰ বিজ্ঞানী ড০ ৰুদ্ৰ নাৰায়ণ বৰকাকতিয়ে আদৰণি ভাষণ ৰাখে। প্ৰধান বিজ্ঞানী ড০ পবিত্ৰ কুমাৰ বৰদলৈয়ে আধুনিক কৃষি ব্যৱস্থাত পৰম্পৰাগত পদ্ধতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি "বহনক্ষম কৃষিৰ বাবে বিভিন্ন খিলঞ্জীয়া পদ্ধতিৰে সৰিয়হৰ উৎপাদন" শীৰ্ষক এক আকৰ্ষণীয় বক্তৃতা প্ৰদান কৰে।
কৃষকৰ পৰ্যায়ত টৰিয়া-সৰিয়হৰ বীজৰ গুণাগুণ আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে বৈজ্ঞানিক কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰি বীজ উৎপাদনৰ প্ৰজনন দিশসমূহৰ বিষয়ে মূল্যৱান তথ্য আগবঢ়ায় ড০ নৱজ্যোতি ভূঞাই। কৃষক-বিজ্ঞানীৰ মুখা-মুখি আলাপৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰে, প্ৰশ্ন উত্থাপন কৰে আৰু বিশেষজ্ঞৰ নিৰ্দেশনা লাভ কৰে।
অনুষ্ঠানৰ শেষত কৃষকসকলে প্ৰশিক্ষণত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে লাভ কৰা জ্ঞানৰ কথা উল্লেখ কৰে। তেওঁলোকে দুতৰপীয়া শস্যৰ পদ্ধতি অৱলম্বণ কৰাত সহায় কৰা আৰু তেওঁলোকৰ কৃষি পদ্ধতি ফলপ্ৰসূভাৱে উন্নত কৰাত এই কাৰ্যসূচীৰ প্ৰাসংগিকতাৰ শলাগ লয়।