/asomiyapratidin/media/media_files/2025/05/19/T3R63aNDbyJB1eMSDrxp.jpg)
এটা হৃদয়বিদাৰক ভিডিঅ’
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ এজন কৃষকৰ এটা হৃদয়বিদাৰক ভিডিঅ’। সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’টোত প্ৰচণ্ড বৰষুণত জাহ যোৱাৰ পৰা নিজৰ উৎপাদিত সামগ্ৰী বচাবলৈ এজন কৃষকে হাহাকাৰ কৰা দেখা গৈছে। ভিডিঅ’টোৱে বুকু কঁপাই তুলিছে প্ৰতিজন লোকৰ।
ভিডিঅ’টোত থকা সেই অসহায় কৃষকজন গৌৰৱ পানৱাৰ বুলি জানিব পৰা গৈছে। ৱাছিমৰ এখন বজাৰলৈ নিজৰ খেতিৰ বাদাম বিক্ৰী কৰিবলৈ আনিছিল কৃষকজনে। নেৰানেপেৰা বৰষুণৰ বাবে কষ্টোপাৰ্জিত উৎপাদিত সামগ্ৰীবোৰ হাতেৰে যিমান পাৰে সিমান বচাবলৈ চেষ্টা চলালে অসহায় গৌৰৱে। পিছে পানীৰ ঢলে মুহুৰ্ততে উটোৱাই লৈ গ’ল বাদামবোৰ।
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’টোত চকু পৰিল কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ। ভিডিঅ’টোৱে দুচকু সেমেকাই তুলিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। তেওঁ কৃষকজনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰাৰ লগতে ক্ষতিপূৰণ দিয়াৰো আশ্বাস প্ৰদান কৰে। আনকি শিৱৰাজ সিং চৌহানে এক্সত গৌৰৱ পানৱাৰৰ সৈতে হোৱা কথা-বতৰাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে। কৃষকজনে উল্লেখ কৰে যে, তেওঁ বহু লোকচানৰ সন্মুখীন হৈছে। মহাৰাষ্ট্ৰ চৰকাৰৰ সৈতে মিলি কৃষকগৰাকীক সহায় কৰাৰ আশ্বাস দিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।