/asomiyapratidin/media/media_files/2025/05/28/Amw4zLupqqrYoZJqMbjh.jpg)
ধানৰ উচিত মূল্যৰ পৰা বঞ্চিত কৃষক
ডিজিটেল সংবাদ,কামপুৰঃ নগাওঁ জিলাৰ বৃহত্তৰ কচুৱা অঞ্চলৰ শতাধিক গাঁৱৰ কৃষকে এতিয়া বৰোধান চপাইছে। কিন্তু কৃষকসকলে বৰো ধানৰ উচিত মূল্য নাপাই পানীৰ দামত বিক্ৰী কৰিব লগা হৈছে। জানিব পৰা মতে প্ৰতি কুইণ্টল বৰো ধানৰ চৰকাৰী মূল্য ২৩০০(দুই হেজাৰ তিনিশ ) টকা নিৰ্ধাৰণ কৰিছে যদিও ৰ কচুৱা অঞ্চলৰ কৃষকসকলে ধানৰ এই মুল্য নোপোৱাৰ অভিযোগ উঠিছে ।
অঞ্চলটোত চৰকাৰী ধান ক্ৰয় কেন্দ্ৰ নথকাৰ সুযোগ লৈ কচুৱা তিনি আলি বজাৰ আৰু বগৰীতলা বজাৰত স্থানীয় অসাধু ধান ব্যৱসায়ীয়ে কৃষকসকলক প্ৰতি কুইণ্টল ধানৰ মূল্য মাত্ৰ এহেজাৰ বা এঘাৰ শ টকা দিয়া বুলি জানিব পৰা গৈছে। ধান ব্যৱসায়ী চক্ৰটোৱে কৃষক সকলক চৰকাৰী নিৰিখৰ পৰা আধাতকৈ কম মূল্য দি অধিক মুনাফা লুটিছে বুলিও উত্থাপন হৈছে গুৰুতৰ অভিযোগ।
লক্ষ্যনীয় কথা হ'ল, প্ৰতি বছৰে বানপীড়িত অঞ্চলটোৰ অৰ্ধশতক গাঁৱৰ ৯০শতাংশ কৃষকেই বৰো ধান খেতিৰ ওপৰত নিৰ্ভৰশীল যদিও বৰোধানৰ উচিত মূল্য নোপোৱাত কৃষক সকলৰ লোকচান সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। নগাঁও জিলা অসামৰিক খাদ্য আৰু যোগান বিভাগে বৃহত্তৰ কচুৱাত ধান ক্ৰয় কেন্দ্ৰ স্থাপন নকৰাত অঞ্চলটোৰ শতাধিক গাঁৱৰ হেজাৰ হেজাৰ কৃষক ধানৰ উচিত মূল্যৰ পৰা বঞ্চিত হয়। সেয়ে কচুৱাত অতি শীঘ্ৰে চৰকাৰী ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰি কৃষকক বৰোধানৰ উচিত তথা প্ৰাপ্য মূল্য দিয়াৰ ব্যৱস্থা কৰি দিবলৈ ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাক কৃষক সকলে কাতৰ অনুৰোধ জনাইছে।