Advertisment

কুৰুৱাবাহীৰ বিশিষ্ট কৃষক অকণমান হাজৰিকাৰ মৃত্যু…….

কুৰুৱাবাহীৰ চিনাকান গাঁও নিবাসী বিশিষ্ট কৃষক অকণমান হাজৰিকাৰ দেওবাৰে নিশা পৰলোকপ্ৰাপ্তি হয়। দীৰ্ঘদিন ধৰি শাৰিৰীক অসুস্থতাত ভোগী আছিল বিশিষ্ট কৃষক গৰাকী।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,বোকাখাতঃ কুৰুৱাবাহীৰ চিনাকান গাঁও নিবাসী বিশিষ্ট কৃষক অকণমান হাজৰিকাৰ দেওবাৰে নিশা পৰলোকপ্ৰাপ্তি হয়। দীৰ্ঘদিন ধৰি শাৰিৰীক অসুস্থতাত ভোগী আছিল বিশিষ্ট কৃষক গৰাকী।  সীমিত উন্নত কৃষি ব্যৱস্থাপনাৰ মাজতে বৃহত্তৰ কুৰুৱাবাহী অঞ্চলত যি কেইজন উৎসাহী কৃষকে আধুনিক চিন্তা-চৰ্চাৰে কৃষিৰ ক্ষেত্ৰখনত এক চানেকি ৰাখি থৈ যাবলৈ চেষ্টা কৰিছিল তাৰ ভিতৰত অন্যতম আছিল প্ৰয়াত অকমান হাজৰিকা।

Advertisment

 

বান-বিধস্ত চিনাকান গাঁৱত প্ৰতি বছৰেই বান সমস্যাৰ লগত যুঁজি প্ৰয়াত অকণমান হাজৰিকাই ৮০ৰ দশকতে অঞ্চলটোৰ ৰবি শস্যৰ ক্ষেত্ৰখনলৈ এক আধুনিক চিন্তা প্ৰৱাহিত কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰিও অঞ্চলটোৰ ভিতৰতেই এজন বিশিষ্ট আৰু পৰিশ্ৰমী কুঁহিয়াৰ খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল প্ৰয়াত হাজৰিকা। উন্নত আৰু বিজ্ঞানসন্মত কুঁহিয়াৰৰ খেতিৰে অঞ্চলটোৰ অন্যান্য কৃষক সকলক উৎসাহিত কৰিছিল প্ৰয়াত হাজৰিকাই।

বিশিষ্ট কৃষকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত  ৮২ বছৰীয়া প্ৰয়াত হাজৰিকাই পত্নী, পুত্ৰ-বোৱাৰী, নাতি-নাতিনীকে আদি কৰি আত্মীয়-স্বজনক এৰি থৈ যায়।

বোকাখাট