/asomiyapratidin/media/media_files/2025/06/24/235-2025-06-24-11-46-32.jpg)
ডিজিটেল ডেস্ক : ভাৰতৰ কৃষি খণ্ডৰ বাবে আনন্দৰ বতৰা। চলিত বৰ্ষৰ এপ্ৰিল আৰু মে’ত বৃদ্ধি পাইছে কৃষিজাত সামগ্ৰীৰ ৰপ্তানি। উক্ত সময়ছোৱাত ভাৰতৰ কৃষিজাত সামগ্ৰী ৮শতাংশ বৃদ্ধি পোৱাৰ ফলত ৪.২ বিলিয়ন ডলাৰ হয়গৈ।
উল্লেখযোগ্য যে, ২০২৪-২৫ চনৰ ভিতৰত এপেডাৰ বাস্কেটৰ অধীনত সামগ্ৰীৰ ৰপ্তানি ২৫.১৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। যিটো বছৰৰ পিছত বছৰ ধৰি ১২%তকৈ অধিক বৃদ্ধি পোৱা বুলি শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে। এই বৃদ্ধি মূলতঃ চাউল, ম’হৰ মাংস, ফল-মূল আৰু শাক-পাচলিৰ ৰপ্তানিৰ বাবেই হৈছে।
এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে, বিশেষকৈ বাছমতী চাউলৰ ৰপ্তানি আনবোৰ চাউলতকৈ অধিক। তাৰোপৰি অন্যান্য প্ৰজাতিৰ ধানৰ ৰপ্তানিও পূৰ্বৰ বছৰৰ তুলনাত ২০২৫-২৬ চনৰ এপ্ৰিল-মে’ত ৪.৭%তকৈ অধিক বৃদ্ধি পাই ২.০৪ বিলিয়ন ডলাৰ হৈছেগৈ।