/asomiyapratidin/media/media_files/2025/03/31/aXcTcnBwy2CNw22lB2Wl.jpg)
ডিজিটেল সংবাদ, বেকাজান : তিতাবৰ অসম-নাগালেণ্ড সীমান্তৰ বেকাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লীলা কোঁৱৰে অসম আৰক্ষীত সুদীৰ্ঘ ৪০ বছৰ সেৱাই আগবঢ়াই চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। অসম আৰক্ষীৰ সুদক্ষ বিষয়া হিচাপে পৰিচিত লীলা কোঁৱৰে ২০২২ চনত বেকাজান আৰক্ষী চকীত বিষয়া হিচাপে যোগদান কৰি তিনি বছৰ অসম নাগালেণ্ড সীমান্তত বেকাজান আৰক্ষী চকীত কৰ্মৰত হৈ আছিল ।
সোমবাৰে বেকাজান আৰক্ষী চকীৰ পৰাই তেওঁ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। এই উপলক্ষে বিয়লি এখনি বিদায় সম্বধৰ্না সভাত অনুষ্ঠিত হয়।
বৰহোলা সাংবাদিক সন্থাৰ সভাপতি মণ্টুচ্ কোঁৱৰে আঁত ধৰা সভাত বৰহোলা মহাবিদ্যালয়ৰ অধ্যাপক অমল সোণোৱাল , বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ যোৰহাট জিলাৰ সভাপতি বিজয় হাজৰিকা , বীৰ লাচিত সেনাৰ দিপাংকৰ দত্ত , যুৱ ছাত্ৰ পৰিষদৰ ধন গগৈ, প্ৰধান শিক্ষক সুশীল ভৰালী, ইউছুফ আহমেদ সমাজকৰ্মী অৰুণ শৰ্মা ,চত্ৰজিত যাদৱ, প্ৰতাপ ঠাকুৰ চমু বক্তব্য ৰাখি আৰক্ষী বিষয়া লীলা কোঁৱৰ অঞ্চলটোৰ আইন শৃংখলা নিয়ন্ত্ৰণ আৰু ৰাইজক বিভিন্ন ক্ষেত্ৰত সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
অৱসৰৰ মুহূৰ্তত আৰক্ষী বিষয়া গৰাকীক বীৰ লাচিত সেনাকে ধৰি কেইবাটাও দল-সংগঠনে সম্বধৰ্না পত্ৰ আৰু ফুলাম গামোচাৰে চাকৰি জীৱনৰ অৱসৰৰ বিদায় সম্বধৰ্না জনায়।