/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/04acf830-f993-43e1-a9c9-7313c6831ad1/BANTI_BAA.jpg)
Farewell meeting
ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও কলেজ (অট’নমাচ) ৰ শিক্ষক পৰিষদৰ উদ্যোগত শুকুৰবাৰে উপাধ্যক্ষা, অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপিকা বন্তি নেওগৰ বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে। কলেজৰ উপাধ্যক্ষ তথা নগাঁও কলেজ শিক্ষক পৰিষদৰ সভাপতি ৰাম প্ৰসাদ পৰেলে সভাপতিত্ব কৰা সভাত আদৰনী ভাষণ প্ৰদান কৰে কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে।
অধ্যাপিকা বন্তি নেওগে সুদীৰ্ঘ দিন অধ্যাপনা কৰি কলেজলৈ আগবঢ়োৱা অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। অধ্যাপিকা বন্তি নেওগৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানত কলেজৰ শিক্ষক সকলে তেওঁ আগবঢ়োৱা অৱদানৰ বিষয়ে তথা ছাত্ৰ-ছাত্ৰীসকলৰ লগত স্থাপন কৰা সৌহাদ্যপূৰ্ণ মনোভাৱৰ কথা প্ৰকাশ কৰে।
সভাত নতুনকৈ যোগদান কৰা অধ্যাপক-অধ্যাপিকা সকলক সম্বৰ্ধনা জনোৱাৰ লগতে শেহতীয়াভাৱে পিএইচ. ডি ডিগ্ৰী লাভ কৰা অধ্যাপক ড০ পদ্মেশ্বৰ সেনাপতি, ড০ পিংকী বৰুৱা আৰু ড০ কৰবী দেৱীক সম্বৰ্ধনা জনোৱা হয়।
বিদায়ী অধ্যাপিকা বন্তি নেওগে নগাঁও কলেজে প্ৰদান কৰা সকলো অভিজ্ঞতাৰ কথা প্ৰকাশ কৰে। জীৱন আৰু জীৱিকা নগাঁও কলেজৰ পৰা লাভ কৰা বুলি কৈ তেওঁ ভৱিষ্যতেও কলেজৰ লগত জড়িত হৈ থকাৰ আশ্বাস দিয়ে।
অনুষ্ঠানত উপস্থিত থাকে নগাঁও কলেজ শিক্ষক গোটৰ সম্পাদক বিদ্যুৎ দাস, অৰ্থনীতি বিভাগৰ জ্যেষ্ঠ অধ্যাপক বিশ্বজিৎ ভূঞা আদি শতাধিক অধ্যাপক-অধ্যাপিকা আৰু অনা শিক্ষক কৰ্মচাৰী ।