/asomiyapratidin/media/media_files/2025/01/25/bRgE83Ptj8gvQau6iy8A.jpg)
আইলক্ষী আঞ্চলিক আন্মানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিষ্ঠাৱান কৰ্মচাৰী মুহিৰাম বৰাৰ বিদায় সম্বৰ্ধনা সভা
ডিজিটেল সংবাদ, বটদ্ৰৱা : আইলক্ষী আত্মানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৰ্মচাৰী মুহিৰাম বৰাই কৰ্ম জীৱনৰ পৰা অৱসৰ লোৱা উপলক্ষে শনিবাৰে আইলক্ষী আত্মানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত শিক্ষক বেথাৰাম বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিৰ উদেশ্য ব্যখ্যা কৰে প্ৰধান শিক্ষক সোনটি কলিতাই।
তেওঁ "মুহিৰাম বৰাই আৰম্ভণিৰ পৰা শেষলৈকে দিনটো বিদ্যালয়তে কটায়। সকলোতকৈ আগত আহি সকলোতকৈ দেৰিকৈ ঘৰলৈ যায়। তাৰোপৰি বিদ্যালয়খন প্ৰতিষ্ঠাৰ বাবে ভূমি দানৰ দৰে মহান দানৰ ওপৰিও বিদ্যালয়ৰৰ প্ৰবেশ দ্বাৰটি সুন্দৰকৈ নিৰ্মাণ কৰি দি, তেখেতে মহানতাৰ পৰিচয় দিছে।" বুলি প্ৰকাশ কৰে।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত আইলক্ষী আত্মানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ তৰফৰ পৰা মুহিৰাম বৰাক ফুলাম গামোছা, চেলেং, ধৰ্মগ্ৰন্থ, সম্বৰ্ধনা পত্ৰ, জাপি, শৰাই আদিৰে সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়ৰ উপৰিও নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ঐতিহ্যমণ্ডিত নসত্র, আইভেটি অঞ্চলৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত বিদায়ী কৰ্মচাৰী বৰাই আগবঢ়োৱা অমূল্য অৱদানৰ বাবে সভাত কেইবাগৰাকী বক্তাই শলাগ, কৃতজ্ঞতা জনায়।
উল্লেখ্য যে ১৯৮৬ চনত আইলক্ষী আত্মানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক কৰ্মচাৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰা মুহিৰাম বৰাই সুদীৰ্ঘ ৩৮ বছৰে কাৰ্যনিৰ্বাহ কৰি যোৱা ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে। এজন ন্যায় পৰায়ণ, সৎ, নিষ্ঠাবান, মৰমীয়াল, শিল্পীসুলভ আৰু কৰ্তব্যনিষ্ঠাক আগস্থান দিয়া লোক হিচাপে পৰিচিত।
ছাত্ৰ ছাত্ৰী, সহকৰ্মী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি বিদ্যালয়ৰ উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰি যোৱা মুহিৰাম বৰাক ৰাইজে একেমুখে শলাগ লোৱাৰ লগতে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰি বক্তব্য প্ৰদান কৰে শিক্ষক বিপুল বৰা, ভদ্ৰ কান্ত হীৰা, প্ৰেমানন্দ শইকীয়া, প্ৰমোদ বৰা, অতিথি খগেন কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক পবিত্ৰ শইকীয়া, গিৰিধাৰী লাল আগৰৱালাই অনাগত দিনবোৰতো বিভিন্ন সামাজিক কাম-কাজৰ সৈতে নিজকে জড়িত ৰাখিবলৈ বিদায়ী কৰ্মচাৰী জনৰ প্ৰতি আহ্বান জনায়।
অনুষ্ঠানটিত শিক্ষক শচীন্দ্ৰ বৰা, ৰাতুল বৰা, মৃনালিনী বৰা, ববীতা বৰা, জ্যোতিস্মান বৰাকে আদি কৰি ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক, অতিথি, মুহিৰাম বৰাৰ সহধৰ্মিনী পদ্মা বৰাকে প্ৰমুখ্যে কৰি ৰীতা মনি বৰা, সতৃষ্ণা বৰা, দিপীকা বৰা, তুলিকা বৰা, বনশ্ৰী বৰা, মোহন চন্দ্ৰ বৰা, বিষ্ণু প্ৰসাদ বৰা আদি পৰিয়ালবৰ্গ সহ পাঁচ শতাধিক লোক উপস্থিত থাকে।