বটদ্ৰৱাত প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষক- শিক্ষয়িত্ৰীৰ উদ্যোগত বিদায় সম্বৰ্ধনা অনুষ্ঠান

বটদ্ৰৱাত প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষক- শিক্ষয়িত্ৰীৰ উদ্যোগত বিদায় সম্বৰ্ধনা অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষক- শিক্ষয়িত্ৰীৰ উদ্যোগত বিদায় সম্বৰ্ধনা অনুষ্ঠান

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱা মণ্ডল সমল কেন্দ্ৰৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীৰ উদ্যোগত মঙলবাৰে অলপতে অৱসৰ গ্ৰহণ কৰা দুগৰাকী কৃতী শিক্ষক-শিক্ষয়িত্ৰী তুৱাৰাম বৰুৱা আৰু মঞ্জু কলিতাৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। বটদ্ৰৱা চৰকাৰী বালক নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ খনৰ প্ৰধান শিক্ষক হেমচন্দ্ৰ নাথে।

Advertisment

বটদ্ৰৱা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ৰাম প্ৰসাদ নাথে আঁত ধৰা অনুষ্ঠানটি বটদ্ৰৱা চৰকাৰী বালক নিম্ন বুনিয়াদী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তুৱাৰাম বৰুৱা, বটদ্ৰৱা বৰভেটি মোক্তাৱৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মঞ্জু কলিতাক গামোছা, গ্ৰন্থ, শৰাই, গছপুলি আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

বটদ্ৰৱা চৰকাৰী বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মনিমা বৰাৰ পৌৰহিত্যত অনুষ্ঠিত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষক তুৱাৰাম বৰুৱা আৰু মঞ্জু কলিতাই শিক্ষকতা জীৱনৰ স্মৃতি ৰোমন্থন কৰি শিক্ষকৰ সামাজিক দ্বায়বদ্ধতা, দ্বায়িত্ব আৰু কৰ্তব্য পালনৰ বিষয়ে আলোকপাত কৰে। গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত বটদ্ৰৱা মণ্ডল সমল কেন্দ্ৰৰ নিম্ন প্ৰাথমিক বিদ্যালয় সমূহৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে অৱসৰপ্ৰাপ্ত কেইবাগৰাকী শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে।

Also Read: অক্টোবৰ মাহত অভাৱনীয় হাৰত চাহিদা বৃদ্ধি দুচকীয়া বাহনৰ...

বটদ্ৰৱা