/asomiyapratidin/media/media_files/2025/08/05/11-2025-08-05-18-16-13.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ : প্ৰশাসনিক কৰ্মদক্ষতাৰ জৰিয়তে গহপুৰবাসী ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা গহপুৰ সমজিলাৰ আয়ুক্ত লুকুমণি বৰা(এচিএছ)ক মঙলবাৰে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ২০২৩ চনৰ ৮ মে'ত গহপুৰ মহকুমাৰ মহকুমাধিপতি হিচাপে যোগদান কৰাৰ পিছত ২০২৪ চনৰ ৪ অক্টোবৰত গহপুৰ সমজিলাৰ আয়ুক্ত হিচাপে দায়িত্ব লাভ কৰা লুকুমণি বৰা শিৱসাগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত হিচাপে বদলি হোৱাত আজি তেওঁক গহপুৰ সমজিলাৰ বিভিন্ন দল-সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠান, চৰকাৰী বিষয়া আৰু ব্যক্তি বিশেষে ফুলাম গামোচা, চেলেং, সঁফুৰা, শৰাই, কিতাপ, বিদায় সম্বৰ্ধনা পত্ৰ,গছপুলি আদিৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।
কোনো গৰ্ব-অহংকাৰ নথকা সকলোৰে প্ৰিয়ভাজন লুকুমণি বৰাই গহপুৰখনক নিজৰ দৰে আঁকোৱালি লৈ গহপুৰৰ উন্নয়নৰ হকে নিষ্ঠাৰে কাম কৰিছিল। নিজৰ কৰ্ম দক্ষতাৰ জৰিয়তে গহপুৰবাসীৰ হৃদয়ত সোমাই পৰা লুকুমণি বৰাই সকলো স্তৰৰ ৰাইজক সমান দৃষ্টিভংগীৰে চাই প্ৰতিটো অভাৱ-অভিযোগ, সমস্যা আদি দূৰ কৰাৰ ক্ষেত্ৰত আন্তৰিকতাৰে কাম কৰিছিল।
গহপুৰ সমজিলাৰ বিদ্যালয়ে বিদ্যালয়ে মুক্ত পুথিভঁৰাল স্থাপন কৰি এক বৌদ্ধিক জাগৰণ গঢ়ি তুলিছিল লুকুমণি বৰাই। হেলেম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নমিতা বৰা, গহপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মণিষ ভড়ালী, সহকাৰী আয়ুক্ত জিণ্টু শৰ্মা, গহপুৰ পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া পূজা কুমাৰী,ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ ভাৰপ্ৰাপ্ত শিক্ষা বিষয়া ধীৰাজ টাইড,গহপুৰ পৌৰসভাৰ পৌৰপতি অতুল বৰা, সহকাৰী নাজিৰ জিতু হাজৰিকাৰ লগতে গহপুৰ সমজিলা আয়ুক্ত কাৰ্য্যলয়ৰ সমূহ কৰ্মচাৰীয়ে লুকুমণি বৰাক আজি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।
ইপিনে সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ভুৱন শইকীয়া, গহপুৰ মহকুমা সাংবাদিক সন্থাৰ উপদেষ্টা ভাস্কৰ জ্যোতি ভূঞা, সাধাৰণ সম্পাদক বিপ্লৱ নেওগ, গহপুৰৰ বিশিষ্ট সমাজকৰ্মী সিদ্ধেশ্বৰ হাজৰিকা,শোভন চন্দ্ৰ শইকীয়া, তৰণী দে',অসীম শইকীয়া, কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা দিপালী শইকীয়া পূজাৰী, সাংবাদিক পলাশ ফুকন, মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক যাদৱ চলিহা,আটছা নেতা নিলোৎপল ৰৱিদাস,আগছু নেতা সুনীল সুতাৰ,জয় সুতাৰ,গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা নিকুঞ্জ কোঁৱৰ মহন্ত,সমাজসেৱিকা বিৰজা হাজৰিকা, মলয়া বৰা,বিজয়া দত্ত,সবিতা কোঁৱৰ ,ৰমেন শইকীয়া, অপূৰ্ব ফুকন প্ৰমুখ্যে কেইবাশতাধিক লোকে লুকুমণি বৰাক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।
তেওঁৰ এই বিদায় বেলাত এক আবেগিক পৰিৱেশৰ সৃষ্টি হৈছে গহপুৰ সমজিলাৰ বিভিন্ন ক্ষেত্ৰত। বিভিন্ন জনৰ ফেচবুকৰ পৃষ্ঠাৰ পৰা হৃদয়ৰ পৃষ্ঠালৈ বৈছে আবেগৰ ঢল।