/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/5b276a5b-99e3-46eb-8d07-46e7f28296bc/KIK.jpg)
ডিজিটেল ডেস্কঃ মহানগৰীৰ ফাঁচী বজাৰত মঙলবাৰে পুৱাৰ ভাগতে সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। সদাব্যস্ত বিশাল ব্যৱসায়িক অঞ্চলটোত এখন পাট কাপোৰৰ দোকানত সূত্ৰপাত হোৱা এই অগ্নিকাণ্ডত ১কোটিৰ অধিক টকাৰ কাপোৰ ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে।
জৰিৱালা ফেশ্বন হাউচ নামৰ দোকানখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে হাঁহাকাৰ এক পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰাপ্ত খবৰ অনুসৰি, ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বীমাও কৰা নাছিল স্বত্তাধিকাৰীয়ে। অগ্নিনিৰ্বাপক বাহিনীয়ে সদৰি কৰা অনুসৰি, শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সূত্ৰপাত হবলৈ পালে।