/asomiyapratidin/media/media_files/2025/06/11/2ssQ1nsyWnnus6m2pHoy.jpg)
ডিজিটেল ডেস্কঃ পুত্ৰ মৃত্যু হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনাত। বয়স হৈছিল মাত্ৰ ১৮বছৰ। দ্ৰুত গতিত বাইক চলাই এখন টেক্টৰত খুন্দা মৰাৰ ফলত থিতাতে নিহত হৈছিল পুত্ৰ। হঠাতে ঘৰ খনলৈ নামি আহিছিল অমানিশা।
বি চি এৰ বাবে এখন কলেজত ৰেষ্ট্ৰিটেশ্যন কৰিবলৈ যাওতেই সংঘটিত হৈছিল এই দুৰ্ঘটনা। বাইকখনৰ গতি ইমান দ্ৰুত আছিল যে, ঘটনাস্থলীতে মূৰ আৰু বুকুত প্ৰচণ্ড আঘাত পাই পুত্ৰৰ মৃত্যু হৈছিল। পথ দুৰ্ঘটনাত নিহত হোৱা ১৮বছৰীয়া যুৱকগৰাকীৰ নাম আছিল ক্ৰীছ।
ক্ৰীছ আছিল ঘৰৰ একমাত্ৰ সন্তান। পিতৃ সঞ্জয়ভাই চুলেইমানে একমাত্ৰ পুত্ৰক হেৰুৱাই ভাগি পৰিছিল। পুত্ৰক কবৰ দিয়াৰ সময়ত পিতৃয়ে পুত্ৰৰ সৈতে একেলগে কবৰ দিলে দুৰ্ঘটনাগ্ৰস্ত বাইকখনো। কেৱল বাইকখনেই নহয়, ক্ৰীছে ভাল পোৱা সকলোবোৰ সামগ্ৰী মৃতদেহৰ সৈতে কবৰ দিলে পৰিয়ালে।
সংবাদমাধ্যমৰ আগত পিতৃয়ে কয় যে, কোনো সন্তানক যাতে কোনো পিতৃয়ে এনেদৰে হেৰুৱাব লগা নহয়, সেয়া মই কামনা কৰিম। লগতে বিচাৰিলেই কম বয়সতে কোনো অভিভাৱকে পুত্ৰক যাতে বাইক কিনি নিদিয়ে সেই আহ্বানো কৰে পিতৃ চুলেইমানে।
গুজৰাটৰ নদিয়াত সংঘটিত হৈছে এই ঘটনা। উক্ত ঘটনাই এতিয়া সমগ্ৰ দেশত তীব্ৰ চৰ্চা লাভ কৰিছে।