শিলচৰত ৩৭ লাখ ২৮ হাজাৰ  ৫০০ টকাৰ জালনোট জব্দ

শিলচৰত ৩৭ লাখ ২৮ হাজাৰ  ৫০০ টকাৰ জালনোট জব্দ কৰা হৈছে । ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অসম ৰাফলছে শিলচৰৰ ৰংপুৰৰ পৰা জব্দ কৰে বুজণ পৰিমাণৰ এই ভাৰতীয় জাল নোটসমূহ।

author-image
Asomiya Pratidin
New Update
শিলচৰত ৩৭ লাখ ২৮ হাজাৰ  ৫০০ টকাৰ জালনোট জব্দ

ডিজিটেল সংবাদ, শিলচৰ : শিলচৰত ৩৭ লাখ ২৮ হাজাৰ  ৫০০ টকাৰ জালনোট জব্দ কৰা হৈছে । ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অসম ৰাফলছে শিলচৰৰ ৰংপুৰৰ পৰা জব্দ কৰে বুজণ পৰিমাণৰ এই ভাৰতীয় জাল নোটসমূহ।

Advertisment

জালনোটৰ সৈতে এজন লোককো আটক কৰিছে অসম ৰাইফলছে।  জব্দ কৰা আটাইখিনিয়ে পাচঁশ টকীয়া নোট। অসম ৰাইফলছৰ এক সুত্ৰই জানিবলৈ দিয়া মতে,ড্ৰাগছ সৰবৰাহৰ  বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত এজন লোকৰ   পৰা জব্দ কৰা হয় জালনোটখিনি। জালনোটৰ সৈতে নোট মজুত ৰখা লোক জনকো আটক কৰা হয়।
   

শিলচৰত ৩৭ লাখ ২৮ হাজাৰ  ৫০০ টকাৰ জালনোট জব্দ
শিলচৰত ৩৭ লাখ ২৮ হাজাৰ ৫০০ টকাৰ জালনোট জব্দ

 

ইফালে, মিজোৰামৰ লংটাই জিলাৰ বুয়ালপুইত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অসম ৰাফলছ , আবকাৰী আৰু নাৰ্কোটিক বিভাগে ৫০ হাজাৰ মেথামফেটামাইন তথা য়াবা টেবলেট জব্দ কৰিছে। ম্যানমাৰৰ পৰা সৰবৰাহৰ সময়ত জব্দ কৰা হয় টেবলেটখিনি। 

জব্দ কৰা টেবলেটখিনিৰ ক'লা বজাৰত মূল্য ১৫ কোটি টকা। টেবলেটৰ সৈতে ম্যানমাৰৰ হাখা জিলাৰ ৫৩ বছৰীয়া এজন লোকক আটক কৰা হৈছে।

আনহাতে,মিজোৰামৰ চাম্পাই জিলাৰ জোখাথৰত চলোৱা আন এক অভিযানত অসমৰ শ্ৰীভূমি (কৰিমগঞ্জ) জিলাৰ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে অসম ৰাইফলছ, আবকাৰী আৰু নাৰ্কোটিক বিভাগে। ধৃত ৰচিদ আহমেদ, ইমৰান খান আৰু কানৰুল ইছলাম লস্কৰৰ পৰা ১৫১,৭ গ্ৰাম হেৰ'ইন জব্দ কৰা হয় ।

এখন চাৰিচকীয়া বাহনৰ গোপন চেম্বাৰত লুকুৱাই অনা ১২ টা পেকেটৰ পৰা জব্দ কৰা হয় হেৰ'ইনখিনি। জব্দ কৰা হেৰ'ইনৰ মুল্য প্ৰায় ১কোটি ১৩ লাখ টকা বুলি সদৰী কৰিছে অসম ৰাইফলছে ।

assam rifles