/asomiyapratidin/media/media_files/2025/07/11/371-2025-07-11-11-41-51.jpg)
ডিজিটেল সংবাদ, শিলচৰ : নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই হাইলাকান্দি আৰক্ষীয়ে বুজণ পৰিমাণৰ হেৰ'ইন আৰু জালনোট জব্দ কৰিছে। গোপন তথ্যৰ ভিত্তিত হাইলাকান্দি থানাৰ আৰক্ষীয়ে ৰতনপুৰ - চাহাপুৰ পথৰ চেপ্তি ব্ৰজপুৰত অভিযান চলাই ২.২৫ গ্ৰাম হেৰ'ইন জব্দ কৰে।
হেৰ'ইনৰ সৈতে কেইবাটাও প্লাষ্টিকৰ খালি কন্টেইনাৰ আৰু ১৯,৫০০ টকা জালনোট জব্দ কৰে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা এখন অটো আৰু এজন সৰবৰাহকাৰীক আটক কৰা হয়। ধৃত লোকজনৰ ঘৰ বাহাদুৰপুৰ প্ৰথম খণ্ডত।