/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/FI_Gonda1-1.jpeg)
ডিজিটেল ডেস্কঃ দেশৰ ভিন্নপ্ৰান্তৰ লগতে অসমতো ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে দুখন বিশেষ ছবি। এই ছবি দুখনৰ এখনত আছে সম্প্ৰীতিৰ এক বাৰ্তা, আনখনত আছে এক কৰুণ দৃশ্য। দুয়োখন ফটোৰে এখনৰ আনখনৰ লগত নাই কোনো সম্পৰ্ক।
সম্পৰ্কহীন এই দুই ছবিৰে এতিয়া দেশ জ্বলাবলৈ তৎপৰ হৈ পৰিছে দুষ্ট চক্ৰ। ছ'চিয়েল মিডিয়াত ছবি দুখনক অন্যধৰণে উপস্থাপন কৰি চক্ৰটোৱে ইতমধ্যে ভিন্ন প্ৰান্তত বহু লোকক উত্তেজিত কৰি তুলিছে।
তল-ওপৰকৈ থকা ছবি দুখনৰ ওপৰৰখন ৰাখী বন্ধনৰ দৃশ্য। এই ফটোখনত এগৰাকী হিন্দু ধৰ্মাৱলম্বী যুৱতীয়ে এজন মুছলমান যুৱকক ৰাখী পিন্ধোৱা দেখা গৈছে। তলৰ ফটোখনত আছে চিকিৎসালয়ৰ বিছনাত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা এগৰাকী যুৱতী।
ফটোদুখনক একেলগ কৰি দুষ্ট চক্ৰটোৱে দাবী কৰিছে যে হিন্দু যুৱতীগৰাকীয়ে বহু আশা লৈ উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ মুছলমান যুৱ নেতা এজনক ভাতৃজ্ঞান কৰি ৰাখী পিন্ধাইছিল। পিছে মুছলমান যুৱ নেতাজনক ৰাখী পিন্ধোৱাৰ ফল হাতে হাতে পাইছে হিন্দু যুৱতীগৰাকীয়ে। কিয়নো মুছলমান যুৱ নেতাজনে যুৱতীগৰাকীক ভগ্নী হিচাপে লৈ অভিনয় কৰি বলাৎকাৰ কৰি হত্যাৰ চেষ্টা চলাইছিল। সেয়ে এতিয়া চিকিৎসালয়ৰ বিছনাত মৃত্যুৰে যুঁজি অনুশোচনাত দগ্ধ হৈ পৰিছে যুৱতীগৰাকী।
उपरोक्त वायरल पोस्ट में शामिल की गई फोटो दिनांक 21 नवंबर 2016 कानपुर उत्तर प्रदेश में हुई ट्रेन दुर्घटना में घायल महिला की है घटना पूरी तरह से निराधार व असत्य है l @priankajha pic.twitter.com/FPifhd1Gfc
— Gonda Police (@gondapolice) August 29, 2018
এইদৰে ফটো দুখনক এটা কাহিনীৰে সংযোগ কৰি চুষ্ট চক্ৰটোৱে হিন্দু আৰু মুছলমানৰ মাজত বিভেদ বিয়পোৱাৰ লক্ষ্যৰে প্ৰথমে ইয়াক মাইক্ৰ'ব্লগিং ছাইট টুইটত এৰি দিয়ে। কোমল নামৰ টুইটাৰ একাউণ্টটোৰ গৰাকীজনে @komal44337466 হেণ্ডেলৰ পৰা প্ৰথমে এই টুইট কৰে। লগে লগে সেয়া পৰিকল্পিতভাৱে এৰি দিয়া হয় ফেচবুক আৰু হোৱাটছএপত।
►Click Here: ৰিক্সাৱালাৰ কন্যাই এছিয়ান গেমছত জিনিলে স্বৰ্ণ পদক
সমগ্ৰ দেশতে ভাইৰেল হৈ পৰা এই পোষ্টটো ইতিমধ্যে অসমো আহি পাইছে। অসমত ইয়াক অসমীয়া ভাষালৈ অনুবাদ কৰিও পোষ্ট কৰিছে দুষ্ট চক্ৰটোৱে। কেবাটাও ফেচবুক গ্ৰুপত বহু ভুৱা ফেচবুক একাউণ্টৰ পৰা এই পোষ্ট শ্বেয়াৰ কৰা দেখা গৈছে। বহুতে পোষ্টটোক সত্য বুলি ভাবি নিজৰ টাইমলাইনত ৰাখী বন্ধনৰ দিনা নিজাববীয়াকৈও পোষ্ট কৰিছে।
কিন্তু শেহতীয়াকৈ এই পোষ্টটো যে ভুৱা সেয়া সম্পূৰ্ণৰূপে নিশ্চিত হৈ পৰিছে। পোষ্টটোক লৈ ইতিমধ্যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে উক্ত টুইটাৰ হেণ্ডলৰ অজ্ঞাত গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অভিযান আৰম্ভ কৰাৰ লগতে সেয়া 'ফেক' বুলি উল্লেখ কৰি শ্বেয়াৰ নকৰিবলৈ সকলোকে আহ্বান জনাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/AP-IMage-1-300x110.jpg)
ইফালে দেশৰ আগশাৰীৰ 'ফেক নিউজ চেকাৰ' ৱেবছাইট অল্টনিউজেও নিজাববীয়াকৈ অনুসন্ধান চলাই পোষ্টটোৰ আঁৰৰ কাহিনী উদ্ঘাটন কৰিছে। অল্ট নিউজে উল্লেখ কৰা মতে হিন্দু যুৱতীয়ে মুছলমান যুৱকক ৰাখী পিন্ধোৱা ফটোখন সম্প্ৰীতিৰ বাৰ্তা হিচাপে ২০১৭ চনতে কোনো লোকে পোষ্ট কৰিছিল। কিন্তু ইয়াৰ সৈতে তলত উল্লেখ কৰা ফটোখন হৈছে ২০১৬ চনত উত্তৰ প্ৰদেশত ৰেল দুৰ্ঘটনাত আহত যুৱতী এগৰাকীৰ ফটো। ৰেল দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হোৱা যুৱতীগৰাকীৰ ফটোখনৰ উৎস হৈছে এছ'চিয়েটেড প্ৰেছ নামৰ সংস্থাটো।
ইফালে এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ দলে। দলটোৰ ৰাজনৈতিক প্ৰতিদ্বন্দীয়ে চাইবাৰ চেলৰ জৰিয়তে এনে কু-কাৰ্য সংঘটিত কৰিছে বুলিও দাবী কৰিছে উত্তৰ প্ৰদেশ কংগ্ৰেছ।