/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/3835964d-192e-427d-a234-8bb8362126ad/dka.jpg)
ডিজিটেল ডেস্কঃ ২০২৪বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা হ'ব? তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগে-পিছে এই পৰীক্ষাৰ ফলাফল ঘোষণা হব বুলি চৰ্চা চলি থকাৰ সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈছে এখন বিশেষ জাননী। এই জাননীত অহা ৪মে'ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হব বুলি উল্লেখ কৰা হৈছে। কিন্তু সংসদৰ তৰফৰ পৰা স্পষ্ট কৰা হৈছে যে, মোবাইলে মোবাইলে বিয়পি পৰা এই বিবৃতি তথা জাননীখন ভুৱা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/8019b5dd-2884-4787-bffc-d451bf6c86d2/25ff71e1_b768_4084_8b3c_f66fa113e23c.jpg)
জাননীখন ভুৱা বুলি অসমীয়া প্ৰতিদিন ডিজিটেলক স্পষ্ট কৰি দিলে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ডেপুটী চেক্ৰেটৰী (প্ৰশাসনিক) অনুৰূপা চৌধুৰীয়ে। কোনো দুষ্ট চক্ৰই সম্পাদনা কৰি এনে নিকৃষ্ট কামেৰে শিক্ষাৰ্থীসকলক বিভ্ৰান্ত কৰিব বিচাৰিছে বুলি তেওঁ কয়। বিষয়াগৰাকীয়ে লগতে শিক্ষাৰ্থী আৰু অভিভাৱকসকলক সচেতন হৈ থাকিবলৈ আহ্বান জনায়।
বিষয়টোৰ সন্দৰ্ভত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সঞ্চালক পংকজ বৰঠাকুৰৰ সৈতেও যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও তেওঁক পোৱা নগ'ল। সেয়া যি কি নহলেও, ফেচবুক, হোৱাটছ এপৰ লগতে প্ৰায় সকলো সামাজিক মাধ্যমতে বিয়পি পৰা এই বিবৃতিখনত সংসদৰ সচিবৰ স্বাক্ষৰৰ লগতে পৰীক্ষাৰ ফলাফল উপলদ্ধ হ'ব লগা ৱেবচাইট পৰ্যন্ত উল্লেখ কৰা হৈছে। এই সমগ্ৰ বিষয়টোৰ ওপৰত সংসদে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে চৌধুৰীয়ে।