
ডিজিটেল সংবাদ, ধেমাজিঃ সকলো নিৱনুৱা যুৱক-যুৱতীকে লাগে এটা চৰকাৰী চাকৰি ৷ এনে চাকৰি প্ৰত্যাশী যুৱক-যুৱতীক চাকৰি দিম বুলি প্ৰলোভনৰ জালত পেলাবলৈ সদাসষ্টম হৈ থাকে দুষ্টচক্ৰ৷ দুষ্টচক্ৰৰ অসৎ কাৰ্যৰ বিৰুদ্ধে এগৰাকী যুৱতীৰ অভিযোগৰ ভিত্তিতেই ৰঙাঘৰৰ আলহী হ’ল লখিমপুৰৰ মনোজ তামুলী ।
কিছুদিন পূৰ্বেই ডিব্ৰুগড়ত সাক্ষাৎকাৰ সম্পন্ন হৈছে বন বিভাগৰ চাকৰিৰ ৷ চাকৰি দিয়াৰ বিনিময়ত মনোজয়ে গেৰুকামুখৰ এগৰাকী যুৱতীক পৰা দাবী কৰিছিল তিনিলাখ টকা ৷
যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত প্ৰৱঞ্চক মনোজ তামুলী গোগামুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্ৱেও লখিমপুৰ আৰু তেজপুৰত আৰক্ষী উপ-পৰিৰ্দশক চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰাৰ অপৰাধত ইতিমধ্যে তেজপুৰ কাৰাগাৰৰ অতিথি হ'ব লগা হৈছিল ৷
ধেমাজি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰৱ আগৰৱালাই শনিবাৰে দুপৰীয়া ধেমাজি সদৰ আৰক্ষী থানাত সাংবাদিক সকলক জনোৱা মতে, প্ৰৱঞ্চক গৰাকীয়ে চলিত বছৰ ৬ ফেব্ৰুৱাৰীত তেজপুৰ জেলৰ পৰা মুকলি হৈ অহা এমাহ নৌপাওঁতেই পুনৰ একেধৰণৰ ঘটনাকেই সংঘটিত কৰিছে ৷
গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চকক বৰ্তমানে ধেমাজি সদৰ আৰক্ষী থানাত ৰাখি আৰক্ষীয়ে সুধা-পোচা অবাহত ৰাখিছে ৷