আজৱ! চাৰি নহয়, ৬ ঠেঙীয়া গৰু পোৱালীৰ জন্ম ধেমাজিত...

আপুনি সাধাৰণতে দেখা গৰুৰ ঠেং চাৰিখন৷ কিন্তু এইখন অসমৰে এখন জিলাত শেহতীয়াকৈ জন্ম হৈছে এটা অদ্ভুত ধৰণৰ গৰুৰ পোৱলি৷
আজৱ! চাৰি নহয়, ৬ ঠেঙীয়া গৰু পোৱালীৰ জন্ম ধেমাজিত...

ডিজিটেল সংবাদ ধেমাজিঃ আপুনি সাধাৰণতে দেখা গৰুৰ ঠেং চাৰিখন৷ কিন্তু এইখন অসমৰে এখন জিলাত শেহতীয়াকৈ জন্ম হৈছে এটা অদ্ভুত ধৰণৰ গৰুৰ পোৱলি৷ এনেধৰণে জন্ম হোৱা গৰু পূৰ্বতে হয়তো আপুনি দেখা পোৱা নাই৷

শেহতীয়াকৈ ধেমাজি জিলাৰ এজন লোকৰ ঘৰত জন্ম হৈছে এটা অদ্ভুত ধৰণৰ গৰুৰ পোৱালি৷ ঘুগুহা গাঁও পঞ্চায়তৰ নপাম আদৰ্শ গাৱঁৰ দুৰ্গেশ্বৰ দাস নামৰ লোকজনৰ ঘৰত জন্ম হৈছে গৰুটো৷ এই গৰুটোৰ আছে মুঠ ছয় খনকৈ ঠেং৷

সাধাৰণতে চাৰিটা ঠেঙৰ বিপৰীতে ছয়টা ঠেঙেৰে আৰ্বিভাৱ ঘটা দামুৰিটোৰ কুঁজত আছে আন দুটা ঠেং ৷ যদিওবা এয়া জন্মগত বিসংগতি পোৱালীটোবে সুন্দৰকৈ স্বাভাবিকভাবে চলা ফুৰা কৰিবলৈ সক্ষম৷

এয়া জন্মগত বিসংগতি হ’লেও গৰুৰ গৰাকীয়ে অপায় অমংগল দূৰ হোৱাৰ উদ্দেশ্যে দিনে নিশাই ধূপ- ধুনা জনাই উপাসনা কৰিবলৈ আৰম্ভ কৰিছে৷ লগতে এই অদ্ভত পোৱালীটোক চাবলৈ গৰাকীৰ গৃহ ভিৰ কৰিছে গঞা ৰাইজে ৷

আজৱ! চাৰি নহয়, ৬ ঠেঙীয়া গৰু পোৱালীৰ জন্ম ধেমাজিত...
চাকৰিৰ বিনিময়ত মাটি! এজনৰ পাছত আনজন নেতা চিবিআইৰ জালত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in