লখিমপুৰত নকল সোণৰ মুকলি বেহাঃ এজনক গ্ৰেপ্তাৰ...

লখিমপুৰৰ বঙালমৰাক কেন্দ্ৰ কৰি গঢ়ি উঠা নকল সোণ আৰু জালনোটৰ বেহাৰ লগত জড়িত একাংশ প্ৰৱঞ্চকে দীৰ্ঘদিনৰ পৰাই ৰাজ্যৰ লগতে বহিঃৰাজ্যৰো একাংশ লোকক প্ৰবঞ্চনা কৰি আহিছে ৷ 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বিহপুৰীয়া : লখিমপুৰত নকল সোণ সহ গ্ৰেপ্তাৰ এজন। জিলাখনৰ অন্তৰ্গত সোনাপুৰ-আদি এলেঙী সত্ৰ সংযোগী পথৰ পৰা আৰক্ষীয়ে নকল সোণৰ বেপাৰী হাইদৰ আলিক গ্ৰেপ্তাৰ কৰে।

Advertisment

জানিব পৰা মতে, AR 01 U 4072 নম্বৰৰ এখন বিলাসী বাহনৰ তলত গোপন কক্ষ সাজি কঢ়িয়াই নিছিল প্ৰায় ১ কিল’গ্ৰাম ওজনৰ নকল সোণৰ টুকুৰাটো ৷

গোপন সূত্ৰৰ পম খেদি বঙালমৰা আৰক্ষীয়ে অভিযান চলাই কৌশলেৰে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকটোক ৷ উল্লেখযোগ্য যে, লখিমপুৰৰ বঙালমৰাক কেন্দ্ৰ কৰি গঢ়ি উঠা নকল সোণ আৰু জালনোটৰ বেহাৰ লগত জড়িত একাংশ প্ৰৱঞ্চকে দীৰ্ঘদিনৰ পৰাই ৰাজ্যৰ লগতে বহিঃৰাজ্যৰো একাংশ লোকক প্ৰবঞ্চনা কৰি আহিছে ৷ 

নকল সোণ